ধাৰাসাৰ বৰষুণৰ পিছত ভয়াৱহ ভূমিস্খলনত কেৰেলাত ৮৪জনৰ প্ৰাণহানি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুলাইঃ ধাৰাসাৰ বৰষুণৰ মাজতে কেৰালাৰ ৱায়ানাড় জিলাত চাৰি ঘন্টাত তিনিটাকৈ ভূমিস্খলনৰ ঘটনাৰ ফলত কমেও ৮৪জন লোকৰ মৃত্যু হোৱাৰ লগতে শ শ লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এনডিআৰএফ আৰু বাহিনীকে ধৰি একাধিক সংস্থাই এই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনৰ ৰাজহ মন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি জিলাখনৰ প্ৰায় ১১৬জন লোক আহত হৈছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লগতে ৰাজ্যখনৰ মন্ত্ৰীসকলে সাহায্য আৰু উদ্ধাৰ অভিযান তদাৰক কৰি আছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্য চৰকাৰক সকলো সহায়ৰ আশ্বাস দিয়ে। লগতে তেওঁ বিজেপিৰ মুৰব্বী জে পি নাড্ডাক দলীয় কৰ্মীসকলে যাতে উদ্ধাৰ কামত সহায় কৰে সেয়া নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে। এই সন্দৰ্ভত বিজেপিৰ একমাত্ৰ কেৰালাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীৰ সৈতেও কথা পাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আনহাতে এই দুৰ্যোগত নিহতসকলৰ পৰিয়ালক ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। লগতে আহতসকলক দিয়া হ’ব ৫০ হাজাৰ টকা। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত মুণ্ডক্কাই, চৌৰালমালা, আট্টামালা আৰু নুলপুঝাও আছে বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এটা কন্ট্ৰল ৰুম মুকলি কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। জৰুৰীকালীন সাহায্যৰ প্ৰয়োজন হোৱাসকলে ৯৬৫৬৯৩৮৬৮৯ আৰু ৮০৮৬০১০৮৩৩ নম্বৰত হেল্পলাইন নম্বৰত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে। এই দুৰ্যোগৰ মাজতে কেৰালাত অধিক বৰষুণৰ বাবে সাজু হৈছে, কিয়নো বতৰ কাৰ্যালয়ে আঠখন জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ইডুক্কি, থ্ৰিছুৰ, পালাক্কাড, মালাপ্পুৰম, কোজিকোড, ৱায়ানাড়, কান্নুৰ আৰু কাছাৰগোড জিলাৰ বাবে এই সতৰ্কবাণী জাৰি কৰা হৈছে। চাৰিখন জিলা অৰেঞ্জ সতৰ্কতাত আছে। সেইকেইখন হৈছে- পাথানামথিটা, আলাপ্পুঝা, কোট্টায়ম আৰু এৰ্নাকুলাম জিলা। ইফালে কেৰালা চৰকাৰে ৩০ আৰু ৩১ জুলাইৰ দুদিন ৰাজ্যিক শোক হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছে। লগতে ৰাজ্য চৰকাৰৰ সকলো কাৰ্যসূচী স্থগিত ৰখা হৈছে।