তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰীক লৈ অব্যাহত উৎকণ্ঠা
বিশেষ বাৰ্তা, ৪ ডিচেম্বৰঃ তেলেংগানাত শাসকীয় দল ভাৰত ৰাষ্ট্ৰ সমিতিক পৰাস্ত কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰা কংগ্ৰেছ এতিয়া চৰকাৰ গঠনত ব্যস্ত। কালি সন্ধিয়া তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰ্যৰাজনক সাক্ষাৎ কৰি কংগ্ৰেছ নেতাৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনত চৰকাৰ গঠনৰ অনুমতি বিচাৰে। সূত্ৰৰ উদ্ধৃতি দি জানিব পৰা গৈছে যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই কথা ঘোষণা কৰিব পাৰে। ইয়াৰ লগতে আজি নিশা ৮ বজাৰ ভিতৰত ৰাজভৱনত নতুন মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি ৰাজ্যপালক সাক্ষাৎ কৰি সাংবাদিকৰ সৈতে কথা পাতি থকাৰ সময়তে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি. শিৱকুমাৰে কয় যে কাইলৈ পুৱা নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কৰ বৈঠক অনুষ্ঠিত হ’ব। শিৱকুমাৰে কয় যে আজি আমাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক (কংগ্ৰেছৰ) মণিকৰাও থাকৰে, ৰাজ্যিক কংগ্ৰেছ কমিটীৰ সভাপতি, ৰাজ্যিক কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি আৰু আমাৰ সকলো এআইচিচিৰ পৰ্যবেক্ষকৰ নেতৃত্বত আমি ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনালো। কংগ্ৰেছ বিধানসভা দলৰ বৈঠকৰ সমন্বয়ৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিয়ে নিযুক্তি দিয়া পৰ্যবেক্ষকৰ ভিতৰত শিৱকুমাৰ অন্যতম। মঙলবাৰে দলীয় বিধায়কৰ বৈঠকত মুখ্যমন্ত্ৰীৰ পদ কোনে গ্ৰহণ কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত সোধাত তেওঁ কয়, ‘কাইলৈ আমি এখন সভা অনুষ্ঠিত কৰি আছো। কংগ্ৰেছ দলত আমাৰ এটা কৰ্ম ব্যৱস্থা আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত আমি আপোনালোকৰ সৈতে কথা পাতিম।’ শিৱকুমাৰে কয় যে কংগ্ৰেছে নৱনিৰ্বাচিত বিধানসভাত ৬৫জন সদস্যৰ সমৰ্থনত চৰকাৰ গঠনৰ দাবী ৰাখিছে। উল্লেখ্য যে ২০১৪ চনৰ জুন মাহত তেলেংগানা গঠন হৈছিল। তেতিয়াৰ পৰাই কে চি আৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল।
#বাৰ্তা ডেস্ক