নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা আয়োগৰ অধ্যক্ষাক অশালীন মন্তব্য : মহুৱা মৈত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুলাইঃ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে গালি-গালাজ কৰাৰ অভিযোগত। ভাৰতীয় ন্যায় সংহিতাৰ ৭৯নং ধাৰাত অৰ্থাৎ এগৰাকী মহিলাৰ মৰ্যাদাক অপমান কৰা গোচৰ ৰুজু কৰা হৈছে। মহুৱা মৈত্ৰই ছ’চিয়েল মিডিয়া ছাইটত পোষ্ট কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। ৫ জুলাইত দিল্লী আৰক্ষীক এজাহাৰ দিছিল মহিলা আয়োগে। আজি বিশেষ কোষে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। দিল্লী আৰক্ষী বিশেষ কোষৰ চোৰাংচোৱা সংযোজন আৰু কৌশলগত অভিযান (আই এফ এছ অ’) ইউনিটে এতিয়া ৰেখা শৰ্মাৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স হেণ্ডেলৰ তথ্য লাভ কৰিব। দৰাচলতে মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মা অলপতে হাথৰাছ দুৰ্ঘটনা সন্দৰ্ভত সেই স্থানত উপস্থিত হৈছিল। ইয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত আহিল। বৃহস্পতিবাৰে ৰেখা শৰ্মাই হাথৰাছ ঘটনাস্থলীত উপস্থিত হোৱাৰ ভিডিঅ’ সন্দৰ্ভত মহুৱা মৈত্ৰই মন্তব্য কৰিছিল। ভিডিঅ’টোত ৰেখা শৰ্মাৰ পিছফালে খোজ কাঢ়ি গৈ থকা এজন ব্যক্তিয়ে ৰেখা শৰ্মাৰ ওপৰত ছাতি লৈ থকা দেখা গৈছে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা হৈছে, য’ত এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা প্ৰশ্ন উত্থাপন কৰি লিখিছে যে ৰেখা শৰ্মাই নিজৰ ছাতি কিয় কঢ়িয়াব নোৱাৰে। এই মন্তব্যৰ উত্তৰত মহুৱা মৈত্ৰই কয় যে ৰেখা শৰ্মা ‘বছৰ পায়জামা’ চম্ভালিবলৈ অতি ব্যস্ত। এতিয়া এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। এটা গোচৰ ৰুজু কৰি দিল্লীৰ বিশেষ কোষে তদন্ত অব্যাহত ৰাখিছে।

You might also like