নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদালততে কন্যাক গুলীয়াই হত্যা পিতৃৰ

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী: অ’নাৰ কিলিঙত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত৷ এগৰাকী নৱবিবাহিতা মহিলাক গুলীয়াই হত্যা কৰে তেওঁৰ পিতৃয়ে৷ পাকিস্তানৰ বন্দৰ চহৰ কৰাচীৰ এখন আদালতৰ ভিতৰতে এই মহিলাগৰাকীক পিতৃয়ে গুলীয়াই হত্যা কৰা ঘটনাক লৈ সৃষ্টি হয় চাঞ্চল্য৷ সংবাদ সংস্থা পি টি আয়ে উল্লেখ কৰা অনুসৰি আদালতখনত কালি গোচৰৰ শুনানি চলি থকা সময়তে এই ঘটনা সংঘটিত হৈছে৷ উল্লেখনীয় যে আদালতত কৰাচীৰ পিৰাবাদৰ বাসিন্দা যুৱতীগৰাকীয়ে নিজৰ ইচ্ছা অনুসৰি বিবাহপাশত আবদ্ধ হোৱা বুলি স্বীকাৰোক্তি প্রদান কৰিবলৈ আহিছিল৷ প্রতিবেশী এজন চিকিৎসকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল এই যুৱতীগৰাকী৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি পুৱাৰ ভাগতে যুৱতীগৰাকীয়ে নিজৰ বক্তব্য আদালতত দাখিল কৰিবলৈ অহাৰ সময়তে পিতৃয়ে তেওঁক গুলীয়াই হত্যা কৰে৷ এই গুলীচালনাৰ ঘটনাত এজন আৰক্ষী বিষয়াও গুৰুতৰভাৱে আহত হৈছে৷ লক্ষণীয়ভাৱে পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে গৈ যুৱতীগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱা বিষয়টোত আপত্তি আছিল পিতৃ–মাতৃৰ৷ গতিকে পৰিয়ালৰ সন্মান ৰক্ষাৰ বাবেই পিতৃয়ে আদালতৰ ভিতৰতে এনেদৰে কন্যাক গুলীয়াই হত্যা কৰে৷ তাৎক্ষণিকভাৱে অভিযুক্তক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ আনফালে, গুলীচালনাত ব্যৱহাৰ হোৱা অস্ত্রও জব্দ কৰা হয়৷ এই ঘটনাক কেন্দ্র কৰি কৰাচী চহৰত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷

You might also like