নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ছবিগৃহলৈ আহিল শ্বাহৰুখ খানৰ ‘পাঠান’; অসমৰ ছবিগৃহসমূহত কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা

  • অসমৰ ছবিগৃহসমূহত কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা
  • প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকক সতর্ক কৰি দিছে অসম আৰক্ষীৰ মুখ্য কার্যালয়ে

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী:  আজি ছবিগৃহলৈ আহিল শ্বাহৰুখ খানৰ বহুচর্চিত ‘পাঠান’৷ পাঠান ছবিখন প্রদর্শনৰ সময়ত ৰাজ্যৰ ছবিগৃহসমূহত যাতে কোনো অবাঞ্ছিত ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে অসম আৰক্ষীৰ তৰফৰ পৰা প্রতিটো ছবিগৃহৰ লগতে ছবিগৃহৰ মালিকসকলক প্রয়োজনীয় নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিছে৷ এই সন্দর্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যত পাঠান ছবিক লৈ সম্পূর্ণভাৱে সুৰক্ষা দিয়া হ’ব৷ পাঠান ছবি প্রদর্শনৰ সময়ত কোনেও অত্যাচাৰ চলাব নোৱাৰিব৷ চিনেমাখন চেঞ্চৰ ব’ৰ্ডৰ আইন অনুসৰি চলি থাকিব৷ কাকো অত্যাচাৰ কৰিবলৈ দিয়া নহ’ব৷ এইক্ষেত্রত আৰক্ষীয়ে আইন অনুসৰি কাম কৰি যাব৷

সেইদৰে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত কয় যে তিনি দিন পূর্বেই ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকক পাঠান চিনেমাখন প্রদর্শনৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতি তথা অবাঞ্ছিত ঘটনা সংঘটিত নহয়, তাৰ বাবে সকলো আৰক্ষী অধীক্ষকক প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ বিশেষকৈ যিসমূহ জিলাৰ যিবোৰ চিনেমাগৃহত ছবিখন মুকলি হ’ব, সেইসমূহ ছবিগৃহ আৰু ছবিগৃহৰ মালিকক প্রয়োজনীয় নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ছবিখনৰ বিৰুদ্ধে কোনোবাই প্রশাসনৰ পৰা আগতীয়াকৈ অনুমতি লৈ নির্দিষ্ট স্থানত প্রতিবাদী কার্যসূচী গ্রহণ কৰিলে প্রশাসনৰ আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু চিনেমা গৃহত গৈ অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিলে, অপ্রীতিকৰ ঘটনা সংঘটিত কৰাৰ চেষ্টা কৰিলে আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰিব৷

You might also like