নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আত্মনির্ভৰ ভাৰত’: গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশীয় অস্ত্র

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী: ভাৰতক আত্মনির্ভৰ কৰি তোলাৰ বার্তা দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সেই বার্তা অনুসৰিয়েই এইবাৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত কেৱল দেশত নির্মিত সমস্ত অস্ত্রৰ প্রদর্শন কৰা হ’ব৷ এই কথা সদৰী কৰিছে ভাৰতীয় সেনাই৷ ইয়াৰ পূর্বে ২১বাৰ তোপধ্বনিত ব্যৱহাৰ কৰা হৈছিল অতীতৰ ২৫ পাইণ্ডাৰ বন্দুক৷ এইবাৰ সেই বন্দুকৰ সলনি ব্যৱহাৰ কৰা হ’ব ‘১০৫ এম এম ইণ্ডিয়ান ফিল্ড গান’৷ আত্মনির্ভৰ ভাৰতৰ লক্ষ্য পূৰণৰ বাবেই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি জনাইছে মেজৰ জেনেৰেল ভবনীছ কুমাৰে৷ সংবাদ সংস্থা এ এন আইক সেনা বিষয়াগৰাকীয়ে জনাইছে যে এইবাৰ দেশত নির্মিত অস্ত্রৰ প্রদর্শনীত গুৰুত্ব দিয়া হৈছে৷ লক্ষণীয়ভাৱে বিগত স্বাধীনতা দিৱসতে একেই পথ গ্রহণ কৰিছিল সেনাই৷

You might also like