নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱাসকলৰ বাবে আদৰ্শ নগাঁৱৰ জিতেন বৰা

দগা পাল্লা লৈ পাচলি বিক্ৰী উচ্চ শিক্ষিত যুৱকৰ । কাষত থিয় দিবলৈ আহৰি নাই নগাঁও কৃষি বিভাগৰ ।

নগাঁও, ১৪ নৱেম্বৰঃ সাংগঠনিক কাম-কাজৰ সমান্তৰালকৈ নগাঁৱৰ এজন কৃষক নেতাই কৃষিকে জীৱিকাৰ পথ ৰূপে গ্ৰহণ কৰিছে । শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা এই কৃষকজন হৈছে জিতেন বৰা । নগাঁও জিলাৰ কৃষ্ণাইখাটৰ জিতেন বৰাই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লোৱাৰ পিছত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ নগাঁও কলেজ কেন্দ্ৰৰ পৰা মাষ্টাৰ অৱ ছ’চিয়েল ৱৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লয় । কিন্তু উচ্চ শিক্ষিত হৈয়ো চৰকাৰী চাকৰিৰ পাছত দৌৰি সময় নষ্ট নকৰি কৃষি কৰ্মৰেই স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলায় । লগতে জৈৱিক পদ্ধতিৰে নিজে ঘৰতে কৰা পাচলিৰে দৈনিক হাতত দগা পাল্লা লৈ বিক্ৰী কৰি আহিছে । ইপিনে উচ্চ শিক্ষিত জিতে বৰাই শাক-পাচলি ব্যৱসায়েৰে সমাজৰ বাবে আদৰ্শ হৈ পৰিছে যদিও এইপৰ্যন্ত তেওঁৰ কাষত থিয় দিয়া নাই নগাঁও কৃষি বিভাগ ।

You might also like