নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্ৰান্সত সম্বৰ্ধিত অধ্যাপক ড০ অভিজিত দত্ত

নিয়মীয়া বাৰ্তা,১৯ নৱেম্বৰঃ পানীখাইতিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগী ডীন ড০ অভিজিত দত্ত সম্বৰ্ধিত হৈছে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ফিজিঅ’ থেৰাপিষ্ট, ফিজিকেল ৰিহেবিলিটেচন আৰু স্পৰ্টছ মেডিচিন শীৰ্ষক দ্বিতীয় বিশ্ব সন্মিলনত । ইন’ভাইন ছাইণ্টিফিক কনফাৰেঞ্চৰ উদ্যোগত অনুষ্ঠিত সন্মিলনখনত ছুইজাৰলেণ্ড , আমেৰিকা যুক্তৰাষ্ট্ৰ, ফান্স, স্পেইন, ডেনমাৰ্ক, ইংলেণ্ড, লিবিয়া, ইৰাণ, পোলেণ্ড আদি দেশৰ গৱেষকে অংশগ্ৰহণ কৰে । দত্তৰ এই প্ৰাপ্তিত এতিয়া উৎফুল্লিত হৈ পৰিছে ডাউন-টাউন বিশ্ববিদ্যালয় পৰিয়াল ।

You might also like