নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বহুমুখী প্ৰতিভাসম্পন্ন তুতুল মানৱ

কল্যাণ কলিতা

তুতুল মানৱ৷ বৰপেটা জিলাৰ বজালী মহকুমাৰ বামুণকুছি–ধৰমতল্ গাঁৱৰ বহুমুখী প্রতিভাসম্পন্ন এগৰাকী যুৱক হৈছে তুতুল মানৱ৷ এইগৰাকী যুৱকে অসমীয়া কাব্য, গদ্য, ডপন্যাস, নাটক, চিনেমা, সংগীতৰ পৰা আৰম্ভ কৰি ক্রীডা ক্ষেত্রতো প্রদর্শন কৰি আহিছে বিশেষ পাৰদর্শিতা৷ ২০০৭ চনত তেতিয়াৰ জনপ্রিয় দৈনিক বাতৰিকাকত ‘আজি’ত নিয়মীয়াভাৱে লিখা–মেলা কৰাৰ লগতে সাংবাদিকতাৰ জগততো খোজ পেলোৱা তুতুল মানৱে পৰৱত্ সময়ত ‘প্রতি সপ্তাহ’ নামৰ সাপ্তাহিক কাকতৰ সাংসৃকতিক প্রতিনিধি হিচাপে কাম কৰাৰ লগতে ‘জনসাধাৰণ’ কাকতৰ আর্হি পাঠক হিচাপেও দায়িত্ব গ্রহণ কৰিছিল৷ অসমৰ প্রায়কেইখন বাতৰিকাকত আৰু আলোচনীত গল্প, কবিতা, প্রবন্ধ আদিৰে প্রতিভাৰ পৰিচয় দাঙি ধৰা তুতুল মানৱ এগৰাকী ভাল আবৃত্তিকাৰ হিচাপেও বিশেষভাৱে পৰিচিত৷ এগৰাকী ভাল চুটি ছবি নির্মাতা হিচাপেও জনপ্রিয়তা অর্জন কৰা এইগৰাকী অত্যুৎসাহী যুৱকৰ ‘লেডী, লাভ এণ্ড লাইফ’ নামৰ চুটি ছবিখনে ২০০৮বর্ষত গুৱাহাটীত অনুষ্ঠিত ‘চিনে আছা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ’ আৰু ‘আড্ডা চুটি ছবি মহোৎসৱ’ত প্রদর্শিত হৈ চিনে সমালোচকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ ‘লেট মি ৰিড প্লিজ’, ‘লিভিং এ ড্রুথ’, ‘ভোক’, ‘নিমন্ত্রিত অতিথি’, ‘চিটিং গেম’, ‘ফলাফল’, ‘পশ্বাতাপ’, ‘সমিধান’, ‘ছত্রছায়া’, ‘দিচিছন’, ‘মিৰৰ’, ‘ফোবিয়া’ ‘গাথা’, ‘দণ্ড’, ‘সেৱা’, ‘পোক’, ‘অংক’ আদি ৰং চেনেলত সম্প্রচাৰিত হোৱা কেইবাখনো চুটি ছবিৰ চিত্রনাট্য লিখি আৰু নির্মাণ কৰি সুনাম অর্জন কৰা যুৱকজনে ‘সপোনত আপোন তুমি’, ‘ইড আৰ মাই বিজলী’, ‘একা–বেঁকা পথ’, ‘জান ঐ যৌৱন দৈ’, ‘ৰিঙা ৰিঙা মন’, ‘কণ ছোৱালী’, ‘মুগ্ধ’, ‘একালব্য’, ‘ঢুলীয়া ককাই’, ‘জাকি মাৰি ল’ৰালি’, ‘অপৰাজিতা’, ‘প্রত্যাহ্বান’, ‘মই অসম দেশৰ ছোৱালী’, ‘পাছ চোতালৰ ৰ’দ’, এভ্রি ছাইল্ড ইজ এ প্রেয়াৰ’ আদি কেইবাখনো জনপ্রিয় ভিডি’ ছবি, ৰিয়েলিটি শ্ব’, ধাৰাবাহিক আৰু তথ্যচিত্রত সহকাৰী পৰিচালক হিচাপে কাম কৰিছে৷ গুৱাহাটী দূৰদর্শনত সম্প্রচাৰণ কৰা একাধিক টেলিফিল্ম আৰু চুটি ছবিত অভিনয়ো কৰা জলসিঞ্চন বিভাগৰ পাঠশালা মণ্ডলৰ ডচ্চ বর্গৰ সহায়ক হিচাপে কর্মৰত তুতুল মানৱে ইতিমধ্যে কবিতা আবৃত্তি আৰু ৰূপসজ্জাৰ কর্মশালাতো ভাগ লৈ ক্ষেত্রখনলৈ আগবঢ়াইছে অন্য এক বৰঙণি৷ বজালী মহাবিদ্যালয়ৰ গণসংযোগ বিভাগৰ অতিথি শিক্ষকৰো অভিজ্ঞতা আহৰণ কৰা এইগৰাকী অত্যুৎসাহী যুৱকে ইতিমধ্যে ‘সুৰীয়া মাত’, ‘বুমেৰাং’, ‘পি ৩’, ‘সেডজবুলীয়া গ্রীণাৰী’, ‘হার্পুন’, ‘কবিতাৰ ফুলনিত’, ‘তেজে–ঘামে ধোৱা পথৰুৱা গোন্ধ’, ‘খুচুৰা জেপৰ ভাৱৰ জুনুকা’ আদি কেইবাখনো কবিতা, গল্প, ডপন্যাস আৰু প্রবন্ধ সংকলন প্রকাশ কৰি ডলিয়াইছে৷ কেইবাখনো কিতাপৰ বেটুপাত আৰু অনুষ্ঠানৰ প্রতীকপট অংকণ কৰা এইগৰাকী যুৱকে ইতিমধ্যে বিভিন্ন বিভাগত কেইবাটাওবঁটা লাভ কৰি বজালীলৈ কঢ়িয়াই আনিছে গৌৰৱ৷ জলসিঞ্চন বিভাগৰ অভিযন্তা প্রয়াত বসন্ত মানৱ আৰু সুনীতি মানৱীৰ সু–পুত্র তুতুল মানৱে পিতৃৰ সোঁৱৰণত প্রতিবছৰে প্রদান কৰি আহিছে ‘বসন্ত মানৱ সোঁৱৰণী শৈক্ষিক বঁটা’৷ ফুটবলতো বিশেষ পাৰদর্শিতা প্রদর্শন কৰা মাষ্টাৰ এথলেটিক্ছ খেলুৱৈ তুতুল মানৱ এগৰাকী চাইক্লিষ্ট হিচাপেও সুপৰিচিত৷ অলপতে ডত্তৰ–পূর্বাঞ্চলৰ প্রথমটো ছুপাৰ ৰেণ্ডোনিয়েৰ খিতাপ অর্জন কৰা যুৱকগৰাকীয়ে ইতিমধ্যে চাইকেলেৰে ৰাজ্যৰ বিভিন্ন প্রান্ত পৰিভ্রমণ কৰি যুৱপ্রজন্মৰ মাজত স্বাস্থ্য আৰু পৰিৱেশ সজাগতা সৃষ্টি কৰাৰ লগতে চাইক্লিঙৰ প্রতি আকর্ষণ বৃদ্ধিৰ প্রচেষ্টা গ্রহণ কৰি আহিছে৷ সংসৃকতিৰ পথাৰখনত অহৰহ লাগি থকাৰ ফলস্বৰূপে তুতুল মানৱে ভাৰত চৰকাৰৰ সাংসৃকতিক মন্ত্রালয়ৰ তৰফৰ পৰা কামৰূপীয়া লোকগীতৰ বাবে ২০১৮–১৯ বর্ষৰ ছিনিয়ৰ ফেল’শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like