নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ব্যতিক্রমী চিন্তাৰ যুৱক ৰমেন পাগাগ

শিশুৰ বাবে উদ্যান স্থাপন

  • প্রাঞ্জল প্রাণ খাউণ্ড, মাজুলী

যান্ত্রিকতাই আগুৰা পৃথিৱীখনত আজিৰ সময়ত কাৰো আজৰি নাই আনৰ কথা চিন্তা কৰাৰ ৷ বর্তমান ব্যক্তিকেন্দ্রিক চিন্তাধাৰাই সমাজখনৰ মানুহক এনেকুৱা পৰিৱেশলৈ লৈ গৈছে যে মানুহে নিজৰ পৰিয়াল–স্বজন, ঘৰখনৰ বাহিৰে দাঁতিকাষৰীয়া ঘৰৰ মানুহৰ খবৰ ল’বলৈ সময় নাই ৷ আজিৰ দিনত পৰিচয় নোহোৱা হৈ পৰিছে ইঘৰ–সিঘৰৰ মাজত৷ মানুহ এতিয়া ইমানেই ব্যক্তিকেন্দ্রিক হৈ পৰিছে সামূহিক উন্নয়ন, সমাজৰ প্রতি থাকিবলগা দায়বদ্ধতাকো আওকাণ কৰি নিজৰ নিজৰ উন্নয়নৰ চিন্তাত বিভোৰ হৈ দিন অতিবাহিত কৰিবলৈ লৈছে ৷ নগৰ–চহৰটো বাদেই বর্তমান গ্রাম্য সমাজ ব্যৱস্থাতো ইয়াৰ প্রভাৱ নপৰা নহয়৷ কিন্তু এই সকলো ব্যক্তিকেন্দ্রিক চিন্তা একাশৰীয়া কৰি মাজুলীৰ এজন ব্যতিক্রমী চিন্তাৰে যুৱকে ঘৰতে নিজা উপার্জিত ধনেৰে, বহল মন লৈ নির্মাণ কৰিছে এখন শিশু উদ্যান, ঘৰখনকেই পৰিণত কৰি লৈছে এখন স্বচ্ছ উদ্যানলৈ ৷

মাজুলীৰ অতি ভিতৰুৱা, বানপানীয়ে প্রতিবছৰ কোঙা কৰা বগৰিগুৰিৰ ৰমেন পাগাগ (২৭) নামৰ এই যুৱকজনে পেলনীয়া তিৰপাল, পেলনীয়া পানীৰ পাইপ ব্যৱহাৰ কৰি নির্মাণ কৰিছে শিশুৱে ভালপোৱা হেলিকপ্ঢাৰকে ধৰি শিশুৰ প্রিয়বহু সামগ্রী ৷ সৰুৰে পৰাই প্রকৃতিৰ সৈতে খেলি ভালপোৱা এই যুৱকজনে ঘৰৰ চৌহদতেই ৰোপণ কৰিছেবহু গছৰ পুলি, অৰণ্য মানৱ যাদৱ পায়েঙৰ আর্দশক সাৰোগত কৰি যুৱকজনে ঘৰৰ চৌহদত ফল–ফুলকে ধৰি ৰুইছে অন্যান্য গছ৷ চৌহদৰ বিভিন্ন স্থানত প্রকৃতি সুৰক্ষাৰ ফলক, গছ থাকিলেহে মানুহ থাকিব, গছক সন্তানৰ দৰে মানিব লাগে, ‘ঘৰৰ চোতালত ৰাখিবা স্বচ্ছ পৰিৱেশ, জগতত জিলিকে নিজৰ দেশ’ আদি শ্লোগান লিখা উপদেশমূলক ফলকেৰে ৰমেনৰ চৌহদ শিশু উদ্যানখনেৰে ভৰি আছে ৷

এই যুৱকজনে কেৱল শিশু উদ্যান নির্মাণ, প্রকৃতি সুৰক্ষাৰ ফলক আঁৰিয়ে যে দায়িত্ব সামৰিছে তেনে নহয়, এই যুৱকজনে গাঁওখনৰ কণ কণ শিশুসকলক নিতৌ স্বচ্ছ পৰিৱেশ, সংস্কাৰৰ শিক্ষাও প্রদান কৰি আহিছে৷ এই যুৱকজনক চৰকাৰে সহায় প্রদান কৰিলে ভৱিষ্যতে এই উদ্যান পর্যটকৰ বাবে আর্কষণৰ মধ্যমণি হোৱাৰ সম্ভাৱনা আছে৷ কৃষি কর্ম কৰি তিনিজনীয়া পৰিয়ালটো কোনো মতে পোহপাল দিয়া ৰমেনে আজৰি সময় পাৰ কৰে নিজে গঢ়ি লোৱা উদ্যানখনত৷ গাঁঠিৰ ধন ভাঙি সাজি লোৱা এই উদ্যানখনত ভিৰ কৰেহি অজস্র শিশুৱে, পুৱা–গধূলি ৰমেনে গাঁৱৰ শিশুসকলক প্রদান কৰি আহিছে পৰিৱেশ সংৰক্ষণ, স্বচ্ছতা আৰু সংস্কাৰৰ শিক্ষা৷ ৰমেনৰ শিশু উদ্যানখনলৈ জার্মানী, ইটালীৰ পর্যটক আহি যুৱকজনৰ ব্যক্তিগত কর্মৰ শলাগ লৈ উৎসাহিত কৰি যায় বুলিও আমাক জানিবলৈ দিয়ে৷ সদা সমাজৰ বাবে আশাৰ বার্তা কঢ়িয়াই ফুৰা ৰমেনক চৰকাৰে সহায় প্রদান কৰিলে অনাগত দিনত এই যুৱকজনে সমাজক স্বচ্ছ আৰু নিকা কৰি ৰখাত আৰু শিশুৰ মানসিক বিকাশ, সংস্কাৰৰ বাবে কাম কৰি যাব পাৰিব ৷

You might also like