চীনক প্ৰত্যাহ্বানঃ ৫ হাজাৰ কিঃমিঃ দূৰত্ব ভেদি অগ্নি–৫ মিছাইল পৰীক্ষণ
নিয়মীয়া বাৰ্তা, ১৬ডিচেম্বৰ: ভাৰত–চীন সীমান্তত উত্তেজনাৰ মাজতেই আজি নিশাৰ ভাগত পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলেষ্টিক মিছাইল অগ্নি–৫ৰ সফল পৰীক্ষণ কৰে ভাৰতে৷ দীর্ঘ দূৰত্বক ভেদিব পৰা পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলেষ্টিক মিছাইল অগ্নি–৫এ মিনিটৰ ভিতৰতে চুবুৰীয়া ৰাষ্ট্র চীনৰ বেইজিঙক আঘাত কৰিব পাৰে৷ আন্তঃমহাদেশীয় মিছাইল অগ্নি–৫এ প্রায় ৫,০০০ কিলোমিটাৰ দূৰত্ব অনায়াসে অতিক্রম কৰিব পাৰে৷ চীন–পাকিস্তানক সাঙুৰি লৈ মহাদেশৰ বিভিন্ন দেশৰ প্রধান চহৰত অগ্নি–৫এ আঘাত কৰিব পাৰে৷ ভাৰতৰ সবাতোকৈ শক্তিশালী আন্তঃমহাদেশীয় মিছাইল অগ্নি–৫এ প্রথমবাৰৰ বাবে সম্পূর্ণ দূৰত্ব অতিক্রমৰ সফল পৰীক্ষণ আজি সম্পন্ন কৰে৷ ডি আৰ ডি অ’ আৰু ভাৰত ডাইন’মিক্স লিমিটেডে যুটীয়াভাৱে নির্মাণ কৰা এই বেলেষ্টিক মিছাইলটো ৫,৫০০ কিলোমিটাৰ অতিক্রম কৰাৰ পাছতেই ধ্বংস কৰি দিয়া হয়৷ ভাৰতীয় বায়ুসেনা বাহিনীক অধিক শক্তিশালী কৰি তোলা এই অগ্ণি–৫ মিছাইলৰ ওজন ৫০ হাজাৰ কিলোগ্রাম৷ ১৭.৫ মিটাৰ দৈর্ঘ্য আৰু ২ মিটাৰ তথা ৬.৭ ফুট ব্যাসৰ মিছাইলটোৱে ১,৫০০ কিলোগ্রাম ওজনৰ পৰমাণু অস্ত্র সহজতে কঢ়িয়াই নিব পাৰে৷ ইয়াৰ গতি শব্দতকৈ ২৪ গুণ বেছি৷ অর্থাৎ প্রতি ছেকেণ্ডত এই মিছাইলটোৱে ৮.১৬ কিলোমিটাৰ অতিক্রম কৰিব পাৰে৷
উল্লেখ্য যে অৰুণাচল প্রদেশৰ টাৱাং সীমান্তত চীন আৰু ভাৰতীয় সেনাৰ মাজত সংঘাতৰ কেইদিনমান পাছতেই আজি অগ্নি–৫ বেলেষ্টিক মিছাইলৰ সফল পৰীক্ষণ তাৎপর্যপূর্ণ যদিও এই অগ্নি–৫ বেলেষ্টিক মিছাইলৰ পৰীক্ষণৰ দিন পূর্বতে নির্ধাৰিত কৰা আছিল৷ ওড়িশাৰ উপকূলীয় আব্দুল কালাম দ্বীপৰ পৰাই আজি এই শক্তিশালী পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলেষ্টিক মিছাইল অগ্ণি–৫ৰ সফল পৰীক্ষণ কৰি ভাৰতে আত্মপ্রতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰি তুলিলে৷ ইপিনে, ভাৰতে অগ্নি–৫ মিছাইল সফল পৰীক্ষণ কৰাৰ সমান্তৰালকৈ আজি অৰুণাচল প্রদেশত যুদ্ধৰ অনুশীলন চলায় সামৰিক বাহিনীয়ে৷ টাৱাং সীমান্তত চীনা সেনাৰ সৈতে হোৱা সংঘর্ষৰ পাছত অঞ্চলটোত ইতিমধ্যে সামৰিক বাহিনীয়ে পূর্ণ পর্যায়ৰ প্রস্তুতি চলাইছে৷ যুদ্ধ বিমানকে ধৰি যুদ্ধাস্ত্র লৈ সামৰিক বাহিনী সাজু হৈ থকাৰ সমান্তৰালকৈ বাংকাৰসমূহো সাজু কৰি তোলা হৈছে৷