নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত পাগলাদিয়াৰ পাৰত কৃষি বিপ্লৱৰ সূচনা শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ জাতি-মাটি-ভেটি আৰু সংস্কৃতিৰ বাবে কৃষি কৰ্ম কৰা এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। বিভিন্ন কাৰণত আমি জাতি, মাটি,ভেটিৰ কাৰণে মাটি এৰি দি আহিছো। যেতিয়ালৈকে আমি কৃষিক স্বাভিমান হিচাবে নলওঁ, নতুবা কৃষি কাৰ্যক লৈ গৌৰৱাম্বিত নহওঁ তেতিয়ালৈকে আমি দুখীয়া হৈ থাকিম। আজি নলবাৰীৰ পাগলাদিয়া নৈৰ পাৰত থকা শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ ৰঙালাউ বিক্ৰীৰ শুভাৰম্ভণী কৰি এনেদৰে কয় বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই। শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ ৰঙালাউয়ে দেশ, ৰাজ্য তথা নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা বুলি কোৱাৰ উপৰি নেতাগৰাকীয়ে পুনৰ কয় যে- নিজৰ পিতৃ ভূমি পৰিত্যক্ত হৈ পৰি আছে অথচ সহজ ধন ঘটিবলৈ ৰাজ্যৰ বিভিন্ন ঠাইলৈ সাধাৰণ কৰ্মত মকৰল হয় ৰাজ্য খনৰ যুৱক সকল। নেতা গৰাকীয়ে ফাৰ্ম খনৰ আদৰ্শ কৃষক বিপুল হালৈক ভূয়সী প্ৰশংসা কৰে। কৃষক মৰ্চাৰ ৰাজ্যিক উপ সভাপতি ধনেশ্বৰ ডেকাই আঁত ধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই সম্পূৰ্ণ জৈৱিক পদ্ধতিত শ শ কুইন্টল ৰঙালাউ উৎপাদন কৰাত কৃষি পাম খনৰ কৃষকসকলক ভূয়সী প্ৰশংসা কৰে। পৰবৰ্তী সময়ত এই ৰঙালাউ খেতি ডিমা হাচাওলৈ সম্প্ৰসাৰণ কৰাৰ পোষকতা কৰে। বৰ্তমানৰ ৰঙালাউ খেতিয়ে যথেষ্ট সমাদৰ লাভ কৰাৰ উপৰিও বহুতো খেতিয়কক স্বনিয়োজনৰ সুযোগ পাইছে। আনহাতে পাগলদিয়া নৈৰ পাৰৰ উৰ্বৰ ভূমি প্ৰায় ৩০০ বিঘা মাটি সামৰি গঠন হৈছে শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম। ফাৰ্ম খনত বিপুল হালৈৰ উপৰিও গকুল হালৈ, কৈলাস হালৈ, ফনীন্দ্ৰ হালৈ আৰু নাৰায়ণ হালৈয়ে অশেষ কষ্ট ত্যাগ স্বীকাৰ কৰি বিগত এঘাৰ বছৰে জৈৱিক পদ্ধতিৰে ৰঙালাউ, পানীলাউ, জিকা, তিয়ঁহৰ উপৰিও কল, বগৰী, অমিতা আদি খেতি কৰি আহিছে। আজি ৯ টন ৰঙালাউ বিক্ৰী কৰে গুৱাহাটীৰ ব্যাৱসায়ী ওচৰত। পৰবৰ্তী সময়ত এই ৰঙালাউ সমুহ বৰপেটা, শিলচৰ, ত্ৰিপুৰা আদিলৈ যাব। উল্লেখ্য যে যোৱা বছৰ এই ফাৰ্মৰ ৰঙালাউ নতুন দিল্লীৰ বজাৰ দখল কৰিছিল। ফাৰ্ম খনৰ লগত প্ৰায় ২৫ টা পৰিয়াল জড়িত হৈ আছে। আজিৰ ৰঙালাউ বিক্ৰী অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ মনোজ কুমাৰ ভূঞা, উদ্যান শস্য বিশেষজ্ঞ হোমেশ্বৰ মজুমদাৰ,  কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভাপতি প্ৰাণ কুমাৰ দাস, কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক নিবাৰণ লহকৰ, ৰাজ্যিক সম্পাদক জগদীশ দত্ত, নলবাৰী জিলা বিজেপিৰ সম্পাদক নন্দলাল সৰকাৰ, পূব নলবাৰী মণ্ডল বিজেপিৰ সভাপতি পুতুল কলিতা আদি।

 

প্ৰেৰক বীৰেন কলিতা

You might also like