৩–৪ মাহত সাজু হৈ উঠিব ক’ৰোনা ভাইৰাছ ভেকচিন
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ মাৰাত্মক ক’ভিড–১৯এ দেশজুৰি শংকাৰ পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তে তিনি–চাৰি মাহৰ ভিতৰতে ক’ৰোনা ভাইৰাছৰ ভেকচিন সাজু হৈ উঠিব বুলি মন্তব্য কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে৷
ক’ভিড–১৯ ভেকচিনক লৈ উৎকণ্ঠিত হৈ থকা দেশবাসীক ইতিবাচক বতৰা দি কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ দৃঢ় বিশ্বাস পৰৱর্তী তিনি–চাৰি মাহৰ ভিতৰতে ক’ভিড–১৯ ভেকচিন সাজু হৈ উঠিব৷ বিজ্ঞানভিত্তিক ডাটাৰ আধাৰত প্রস্তুত কৰা ভেকচিনবিধ প্রয়োগৰ ক্ষেত্রত স্বাস্থ্যকর্মী আৰু ক’ৰোনা যোদ্ধাক স্বাভাৱিকভাৱে প্রাধান্য দিয়া হ’ব৷ ইয়াৰ পাছতেই বয়োজ্যেষ্ঠ আৰু বিভিন্ন ৰোগত আক্রান্ত লোকক প্রাধান্য দিব চৰকাৰে৷ এফ আই চি চি আই এফ এল অ’ ৱেবিনাৰ ‘দ্য ছিফটিং হেল্থ কেয়াৰ পাৰাডিগম ডিউৰিং এণ্ড পোষ্ট ক’ভিড’ত অংশ লৈ স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে ভেকচিনক লৈ এই মন্তব্য কৰে৷ তিনি–চাৰি মাহৰ ভিতৰতে ক’ভিড–১৯ ভেকচিন সাজু হৈ উঠিব বুলি মন্তব্য কৰা স্বাস্থ্যমন্ত্রীগৰাকীয়ে পুনৰ কয় যে ২০২১ বর্ষৰ জুলাই–আগষ্টৰ ভিতৰত ৪০০–৫০০ নিযুত ড’জ দেশত উপলব্ধ হ’ব৷ এই ড’জৰ জৰিয়তে ২৫–৩০ কোটি লোকক ক’ভিড–১৯ ভেকচিন প্রয়োগ কৰিব পৰা যাব৷
ইফালে ক’ভিড যোদ্ধাৰ সন্তানৰ বাবে এমবিবিএছ পাঠ্যক্রম অধ্যয়নৰ ক্ষেত্রত ৫খন আসন সংৰক্ষিত কৰিবলৈ কেন্দ্রীয় চৰকাৰে সিদ্ধান্ত গ্রহণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ তাৎপর্যপূর্ণ যে দেশত আক্রান্তৰ সংখ্যা ৯০ লাখ স্পর্শ কৰাৰ দিশে৷ তেনেদৰে মৃতকৰ সংখ্যা ১.৩১ লক্ষাধিক৷ ক’ভিড–১৯ৰ প্রথমটো দেশীয়ভাৱে বিকশিত ভেকচিন ‘ক’ভাক্সিন’ৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ আৰম্ভ হৈছে৷ ভাৰত বায়’টেক আৰু আই চি এম আৰৰ দ্বাৰা বিকশিত এই ক’ভাক্সিনক লৈ কেন্দ্রীয় চৰকাৰ আশাবাদী৷
আনহাতে, অক্সফ’ড ভেকচিনৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ প্রায় সমাপ্তিৰ দিশে৷ উল্লেখ্য যে ছেপ্ঢেম্বৰ–ক্টোবৰৰ্ তুলনাত দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা কিছু হ্রাস পালেও সংক্রমণৰ ভয়াৱহতা এতিয়াও শেষ হোৱা নাই৷ দীপাৱলীৰ পাছত দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বর্ধিত হ’বলৈ ধৰিছে৷ ইপিনে, দেশৰ ৰাজধানী দিল্লীত বিগত পষেক ধৰি প্রতিদিনে আক্রান্তৰ সংখ্যাই অনাকাংক্ষিত অভিলেখ গঢ়ি আছে৷