নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰীৰ ঢাপত তপোবনসদৃশ গছপুলিৰ নাৰ্ছাৰী অৱসৰী শিক্ষকৰ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ “বাৰীৰ ঢাপত ৰোৱা এজোপা ৰঙা বা বগা চন্দন গছে বাৰ বছৰৰ পাছত দিব পাৰে তিনি-চাৰি লাখ পৰ্যন্ত” ! কামৰূপৰ নগৰবেৰাৰ অৱসৰী শিক্ষক বিপুল কুমাৰ মেধিয়ে কৰিছে এনে তাৎপৰ্যপূৰ্ণ মন্তৱ্য। নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পৰিপূৰ্ণ জীৱন পৰিক্ৰমাত বহু গছ ৰুলে তেওঁ, বহুতকে দিছে গছপুলি ৰুই স্বাৱলম্বী হোৱাৰ পৰামৰ্শ। বিঘাই বিঘাই জহা নেমু খেতি কৰাৰ উপৰি ঘৰৰ চৌহদত আছে ৰঙা চন্দন, বগা চন্দন, মেহগনি আদিবোৰ বিধে-বিধে কেবাসহস্ৰাধিক গছৰপুলি, এখন সুন্দৰ গছপুলিৰ নাৰ্চাৰী গঢ়ি তুলিছে তেওঁ। অৱসৰী শিক্ষকগৰাকীয়ে নিজৰ ঘৰৰ চৌপাশে গঢি তুলিছে এখন কোটিটকীয়া গছপুলিৰ নাৰ্চাৰী, একেদৰে অৱসৰী শিক্ষকগৰাকীৰ আছে প্ৰায় দুবিঘা মাটিৰ এখন সুন্দৰ নেমু খেতি, বছৰদিনেই গুটি নোহোৱা নেমুবোৰ বিক্ৰী কৰি হাতলৈ আহে লাখে- লাখে টকা।আনহাতে ৰঙা-বগা চন্দন, মেহগনি, কেবাসহস্ৰাধিক তামোলৰ পুলি আদিবোৰ বিক্ৰী কৰিও উপাৰ্জন কৰে মোটা অংকৰ ধন। তেওঁৰ মতে বাৰীৰ ঢাপত ৰোৱা এডাল ৰঙা-বগা চন্দন গছৰ পৰাই বাৰ বছৰৰ পাছত বিক্ৰী কৰি অনায়াসে পাব পাৰি তিনি-চাৰি লাখ টকা পৰ্যন্ত!মুঠতে অৱসৰী শিক্ষক বিপুল কুমাৰ মেধিৰ গছপুলি ৰুই এক সেউজী পৰিৱেশ গঢ়ি তোলাৰ আহ্বান সকলোলৈকে! একেদৰে এই ব্যৱসায় সকলোৰে বাবে হ’ব পাৰে এক সুন্দৰ আৰু স্বাধীন ব্যৱসায়!

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like