নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডত ১০ পদৰ সাক্ষাৎকাৰ

প্রদূষণ নিয়ন্ত্রণ ব’ডত অচিৰেই পূৰণ কৰা হ’ব খালী হোৱা ফিল্ড এছিছটেণ্টৰ ১০ পদত প্রার্থী৷ আবেদনকাৰী ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ১০,০০০ টকা লাভ কৰিব৷ প্রাৰম্ভিক পর্যায়ত প্রার্থী ছমহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী পর্যায়ত চাকৰিৰ ম্যাদ বঢ়াৰ সম্ভাৱনা আছে৷ প্রার্থী সাক্ষাৎকাৰৰ মাধ্যমেৰে বাছনি কৰা হ’ব৷ আগ্রহীসকলে নিজৰ শেহতীয়া বায়োডাটাসহ আবেদন পত্র ই–মেইলযোগে প্রেৰণ কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৩ ডিচেম্বৰ ২০১৯৷ সাক্ষাৎকাৰ ২৩ ডিচেম্বৰ ২০১৯ তাৰিখে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ ২ কপী পাৰপত্র আকাৰৰ ফটো আনিব লাগিব৷ সাক্ষাৎকাৰৰ স্থান–Pollution Control Board, Assam Head Office, Bamunimaidam, Guwahati-21৷ বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ বাবে ৱেবছাইটwww.pcbassam.org ভিজিট কৰিব পাৰে৷

You might also like