নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰ মুকলি নিয়োগ সমাৱেশ; আবেদনৰ অন্তিম দিন ৩ জানুৱাৰী

সেনা বাহিনীত ভর্তি হ’ব খোজা যুৱক–যুৱতীসকলৰ্ বাবে উজনি অসমত ভাৰতীয় সেনাই এক মুকলি নিয়োগ সমাৱেশৰ আয়োজন কৰিছে ৷

মুকলি সমাৱেশত যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্রুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, উত্তৰ লখিমপুৰ আৰু কার্বি আংলং জিলাৰ প্রার্থীসকলে অংশগ্রহণ কৰিব পাৰিব৷

বিজ্ঞাপনৰ তথ্য অনুসৰি সেনা বাহিনীত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে– ছ’লজাৰ জেনেৰেল ডিউটী, ছ’লজাৰ টেকনিকেল, ছ’লজাৰ ক্লার্ক/ষ্টোৰ কীপাৰ/ইনভেণ্টৰী মেনেজমেণ্ট, ছ’লজাৰ ট্রেডছমেন–দশম উত্তীর্ণ, ছ’লজাৰ ট্রেডছমেন–ষ্টম উত্তীর্ণ ৷

প্রার্থীৰ নূন্যতম শৈক্ষিক অর্হতা অষ্টম–দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব ৷ বয়স ১৭১/২–২৩ বছৰৰ ভিতৰত হ’ব লাগিব ৷

মুকলি সমাৱেশলৈ যাওঁতে এডমিট কার্ড, ২০ কপী পাৰপত্র আকাৰৰ ফটো, শৈক্ষিক অর্হতাৰ প্রমাণ–পত্র, ডমিচিয়েল চার্টিফিকেট, কাষ্ট চার্টিফিকেট, কেৰেক্টাৰ চার্টিফিকেট, অবিবাহিতৰ প্রমাণ–পত্র, এনচিচিৰ চার্টিফিকেট, বেংক একাউণ্টৰ কপী, পানকার্ড, আধাৰ কার্ড ইত্যাদি নিব লাগিব ৷

আগ্রহীসকলে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ভাৰতীয় সেনাৰ বিভাগীয় ৱেবছাইট www.joinindianarmy.nic.in লগ–ইন কৰিব লাগিব ৷ নাম পঞ্জীয়ন প্রক্রিয়া ২০ নৱেম্বৰৰ পৰা অহা ৩ জানুৱাৰী ২০২০লৈ অব্যাহত থাকিব ৷

এডমিট কার্ডসমূহ প্রার্থীৰ নিজ নিজ ই–মেইল আই ডিত ৪ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰী ২০২০ তাৰিখৰ ভিতৰত উপলব্ধ হ’ব৷ নিয়োগ সমাৱেশ ১৯ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰী ২০২০লৈ অনুষ্ঠিত হ’ব ৷

সমাৱেশৰ স্থান–Meghna Sports Stadium, Solmara Military Station, Tezpur

You might also like