নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ জ্যেষ্ঠ বৈদ্যুতিক পৰিদর্শকৰ কার্যালয়ত পদ খালী

যোৰহাট জিলাৰ জ্যেষ্ঠ বৈদ্যুতিক পৰিদর্শকৰ কার্যালয়ত খালী হৈছে চতুর্থ বর্গৰ এটা পদ৷ পদটো ইলেক্ট্রিকেল যোগালিৰ৷ আবেদনকাৰী অষ্টম শ্রেণী উত্তীর্ণ হোৱা আৰু ইলেক্টিকেল যোগালিৰ অনুজ্ঞা–পত্র থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১২,০০০–৩৭,৫০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৪৩৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদনৰ লগত পাঁচ টকীয়া ডাক টিকটসহ স্ব–নাম–ঠিকনাযুক্ত এটি অতিৰিক্ত খাম প্রেৰণ কৰাটো বাঞ্ছনীয়৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ মার্চ ২০২০৷ আবেদন প্রেৰণৰ ঠিকনা–Office of the Senior Electrical Inspector, Jorhat Zone, Old Circuit House Road, Jorhat-785001, Assam৷

You might also like