নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলঙৰ সেনা ছাউনীত ভিন্ন বর্গৰ ১৭ পদ; ১৯ ডিচেম্বৰৰ ভিতৰত আবেদন আহ্বান

শ্বিলঙৰ সেনা ছাউনীত অচিৰেই ভিন্ন বর্গৰ খালী হৈ থকা ১৭ টা পদত প্রার্থী নিয়োগ কৰা হ’ব ৷ এই বিষয়ে ইতিমধ্যে শ্বিলং কেণ্টনমেণ্ট ব’ডৰ মুখ্য কার্যবাহী বিষয়াই এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ–পত্রত প্রকাশ কৰিছে ৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চাফাইৱালা ১৩টাঃ ইয়াৰে ৭টা অসংৰক্ষিত আৰু ৬টা এছটি প্রার্থীৰ বাবে সংৰক্ষিতপ্রার্থী প্রাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰা হ’ব লাগিব৷ বয়স ১৮–২৫ বছৰ ৷

ফিটাৰ–ৱটাৰ ছাপ্লাই ১টাঃ পদটো অসংৰক্ষিত ৷ প্রার্থী প্রাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ উপৰি ফিটাৰ ট্রেডৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ বয়স ১৮–২৫ বছৰ ৷

চকীদাৰ ২টাঃ পদ দুটা অসংৰক্ষিত৷ প্রার্থী দশম শ্রেণী উত্তীর্ণ নাইবা নৱম শ্রেণী উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ বয়স ১৮–২৫ বছৰ ৷

লৱাৰ ডিভিজন এছিছটেণ্ট ১টাঃ প্রার্থী দশম শ্রেণী/দ্বাদশ শ্রেণী উত্তীর্ণ নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান আৰু ইংৰাজীত টাইপিং কৰিব পৰা হ’ব লাগিব৷ বয়স ১৮–২৫ বছৰ ৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপি, ২ কপী পাৰপত্র আকাৰৰ ফটো, নির্ধাৰিত প্র–পত্র পূৰ কৰি’The Chief Executive Officer, Shillong Cantonment Board, 13 Pine Walk Area, Shillong-793001′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব ৷

উল্লেখ্য যে আবেদনৰ লগত স্ব–নাম, ঠিকনাযুক্ত ডাক টিকট লগোৱা ৪ টা অতিৰিক্ত খাম প্রেৰণ কৰাটো বাধ্যতামূলক ৷ আবেদন মাচুল হিচাপে ডিমাণ্ড ড্রাফটযোগে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ১০০ টকা আৰু এছ টি, এছ চি, অ’ বি চি শ্রেণীৰ প্রার্থীয়ে ৫০ টকা শ্বিলং কেণ্টনমেণ্ট ব’ডৰ হকে পৰিশোধ কৰিব লাগিব ৷

নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে দৰমহাৰ নিৰখ, বাছনি প্রক্রিয়াৰ বাবে ৱেবছাইটwww.cbshillong.org.in/forms.html চাব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ১৯ ডিচেম্বৰ, ২০১৯ ৷

You might also like