নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমল ফাউণ্ডেচনত একাধিক পদ খালী

আজমল ফাউণ্ডেচনত অচিৰেই পূৰণ কৰা হ’ব ফেকাল্টী, ছিনিয়ৰ ফেকাল্টী, অধ্যক্ষ, লেব এছিছটেণ্ট আৰু লাইব্রেৰিয়ানৰ পদ৷ ফেকাল্টী আৰু ছিনিয়ৰ ফেকাল্টীৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ইংৰাজী, পদার্থ বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান, ৰাজনীতি বিজ্ঞান, শিক্ষা, অর্থনীতি, উদ্ভিদ বিজ্ঞান আৰু প্রাণী বিজ্ঞান৷ ফেকাল্টী পদৰ প্রার্থী সংশ্লিষ্ট বিষয়ত পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী হ’ব লাগিব৷ আনহাতে ছিনিয়ৰ ফেকাল্টী পদৰ প্রার্থী পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ নিযুক্তিৰ ক্ষেত্রত নেট/ডক্টৰেট ডিগ্রীধাৰীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ অধ্যক্ষ পদৰ বাবে প্রার্থী পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী আৰু শিক্ষকতা কৰাৰ ৫ বছৰীয়া অভিজ্ঞতা থকাটো জৰুৰী৷ পদকেইটা কলগাছিয়া আৰু বৰপেটা জিলাত পূৰণ কৰা হ’ব৷ লেবৰেটৰী এছিছটেণ্ট পদৰ প্রার্থী বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ শেষত লাইব্রেৰিয়ান পদৰ প্রার্থী সংশ্লিষ্ট বিষয়ত পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী হ’ব লাগিব৷ অধ্যক্ষ পদৰ প্রার্থীয়ে মাহে ৪০ হাজাৰ টকা দৰমহা লাভ কৰিব৷ অন্যান্য পদসমূহৰ ক্ষেত্রতো নিযুক্তিপ্রাপ্তই আকর্ষণীয় দৰমহা লাভ কৰিব৷ আগ্রহীসকলে যথাসম্ভৱ শীঘ্রে নিজৰ শেহতীয়া বায়োডাটাসহ আবেদন ই–মেইল[email protected] যোগে প্রেৰণ কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ জানুৱাৰী, ২০২০৷ বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ বাবে ৱেবছাইটwww.ajmalfoundation.com লগ–ইন কৰিব পাৰে৷

You might also like