নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূব সীমান্ত ৰে’লৱেত ১২ পদ

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ স্কাউট এণ্ড গাইড বিভাগত খালী হৈছে ১২টা পদ৷ পদকেইটা গ্রুপ–চি আৰু ডি পর্যায়ৰ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি গ্রুপ–চি পর্যায়ৰ পদৰ সংখ্যা ২টা প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে দ্বাদশ উত্তীর্ণ আৰু প্রতি মিনিটত ৩০টা ইংৰাজী আৰু ২৫টা হিন্দী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ বয়স ১৮–৩০ বছৰ৷ সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বয়সৰ এই সীমাত বিধিগত ৰেহাই লাভ কৰিব৷ আনহাতে গ্রুপ–ডি পর্যায়ৰ খালী পদৰ সংখ্যা ১০টা  প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু এনচিভিটিৰ পৰা নেচনেল এপ্রেণ্টিচশ্বিপ চার্টিফিকেট পোৱা হ’ব লাগিব নাইবা দশম শ্রেণী উত্তীর্ণ আৰু চিভিল ইঞ্জিনীয়াৰিং/মেকানিকেল/ইলেক্ট্রিকেল/এছ এণ্ড টি ট্রেডত আইটিআইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ বয়স ১৮–৩৩ বছৰ৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন’Senior Personnel Officer (Recruitment), Office of The Principal Chief Personnel Officer, Northeast Frontier Railway HQr, Maligaon, Guwahati-784011, Assam’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ জানুৱাৰী, ২০২০৷ বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে আবেদন প্র–পত্র ডাউনলোডৰ বাবে ৱেবছাইটwww.nfr.indianrailways.gov.in ভিজিট কৰিব পাৰে৷

You might also like