নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২৭৫ চাকৰি; অন্তিম দিন ১৪ ফেব্রুৱাৰী

উত্তৰ–পূর্বাঞ্চলৰ উন্নত মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱাত অগ্রণী ভূমিকা পালন কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী হৈছে ভিন্ন বর্গৰ ২৭৫টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অধীক্ষকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– প্লাম্বাৰ ৩ ঃ প্রার্থী প্লাম্বিং বিষয়ত আই টি আইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ দৰমহা মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে, লেবৰেটৰী টেকনিচিয়ান ২টা ঃ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে, ড্রেচাৰ ১টা ঃ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু অ’টি টেকনিচিয়ানৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,০০০ টকাৰ গ্রেড পে, ইচিজি টেকনিচিয়ান ১টা ঃ প্রার্থী ইচিজি টেকনিচিয়ানৰ ডিপ্ল’মাধাৰী অথবা কার্ডিয়েক কেয়াৰ টেকন’লজীৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে, এনাস্থেটিক টেকনিচিয়ান ১টা ঃ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু এনাস্থেছিয়া টেকনিচিয়ানৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে, কেমিষ্ট ১টা ঃ প্রার্থী বিএছচি/বি ফার্ম ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে, ড্রাইভাৰ ২টা ঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু যান–বাহন চলোৱাৰ বৈধ অনুজ্ঞা–পত্র থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,০০০ টকাৰ গ্রেড পে আৰু গ্রেড–৪ৰ ২১৯টা ঃ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হ’লেই হ’ব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে৷

চকীদাৰ ২টা, হেণ্ডিমেন ৫টা, লেবৰেটৰী এটেনডেণ্ট ৪টা, লাইব্রেৰী এটেনডেণ্ট ১টা, হোষ্টেল ছার্ভেণ্ট ৬টা, হোষ্টেল কুক ৪টা, লিফ্ট বয় ১টা, ষ্টেনোগ্রাফাৰ ৪টা, একাউনটেণ্ট এছিছটেণ্ট ২টা, ফটোগ্রাফাৰ ১টা, ড্রাইভাৰ ৭টা, ছেনিটেৰী ইন্সপেক্টৰ ২টা, ছাইণ্টিফিক এছিছটেণ্ট ৩টা, এএনএম ২টা আৰু হেল্থ এডুকেটৰ কাম ছেনিটেৰী ইন্সপেক্টৰ ১টা৷ আবেদনকাৰীৰ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.gmchassam.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ১৪ ফেব্রুৱাৰী ২০২০৷

You might also like