গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৮ পদ খালী
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ খালী পদকেইটাৰ ভিতৰত আছে– ষ্টেটিছটিকেল এছিছটেণ্ট ১টাঃ পদটো অসংৰক্ষিত, প্রার্থী গণিত/পৰিসংখ্যা বিষয়সহ দ্বাদশ শ্রেণী উত্তীর্ণ আৰু কম্পিউটাৰ এপ্লিকেচনৰ এবছৰীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হ’ব লাগিব, দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে৷ ৰিচিপচ’নিষ্ট ২টাঃ ইয়াৰে ১টা অসংৰক্ষিত আৰু আনটো পদ এছটি প্রার্থীৰ বাবে সংৰক্ষিত, প্রার্থীৰ শৈক্ষিক অর্হতা আৰু দৰমহাৰ নিৰিখ পূর্বৰ পদৰ অনুৰূপ৷ অ’টি টেকনিচিয়ান ২টাঃ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু অ’টি টেকনিচিয়ানৰ প্রমাণ–পত্র/ডিপ্ল’মাধাৰী হ’ব লাগিব, দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে৷ ৰেডি’থেৰাপী টেকনিচিয়ান ১টাঃ প্রার্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ আৰু ৰেডি’থেৰাপী টেকনিচিয়ানৰ ডিপ্ল’মাধাৰী হ’ব লাগিব, দৰমহাৰ নিৰিখ পূর্বৰ পদটোৰ অনুৰূপ৷ শেষত মুল্ড ৰুম টেকনিচিয়ান ২টাঃ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু মুল্ড ৰুম টেকনিচিয়ানৰ ডিপ্ল’মাধাৰী হ’ব লাগিব, দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে৷ আবেদনকাৰীৰ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.gmchassam.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৪ ফেব্রুৱাৰী ২০২০৷