নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নার্ছৰ ৩০০ চাকৰি

গুৱাহাটীৰ নৰকাসুৰস্থিত উত্তৰ–পূর্বাঞ্চলৰ অন্যতম অগ্রণী আৰু বৃহত্তম চিকিৎসালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মহাবিদ্যালয়খনৰ অধীক্ষকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ষ্টাফ নার্ছৰ ৩০০ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ ইয়াৰে ১২৩টা অসংৰক্ষিত হোৱাৰ বিপৰীতে ৮১টা অ’বিচি/এম অ’বিচি প্রার্থীৰ, ২১টা এছ চিৰ, ৩০টা এছ টি–পি, এছ টি–এইচৰ ১৫টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে ৩০টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী বিএছচি নার্ছিং অথবা জিএনএমৰ ডিগ্রীধাৰী হোৱা আৰু নার্ছিং কাউঞ্চিলৰ পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,৮০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ত বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.gmchassam.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৯ ফেব্রুৱাৰী ২০২০৷

You might also like