নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা গৃহৰক্ষী বাহিনীত একাধিক পদ

গোৱালপাৰা, বঙাইগাঁও আৰু চিৰাং জিলাৰ প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষীক স্বেচ্ছাসেৱক/স্বেচ্ছাসেৱিকাৰ পৰা আবেদন আহ্বান কৰি গোৱালপাৰা গৃহৰক্ষী বাহিনী জিলা অধিনায়কে এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি অচিৰেই গৃহৰক্ষী স্বেচ্ছাসেৱক/ স্বেচ্ছাসেৱিকাৰ বহুসংখ্যক পদত প্রার্থী নিয়োগ কৰা হ’ব৷ ৫০ বছৰ অনূর্ধ্বৰ ম্যাদ উকলি যোৱা গোৱালপাৰা, বঙাইগাঁও আৰু চিৰাং জিলাৰ স্বেচ্ছাসেৱক/স্বেচ্ছাসেৱিকাই আবেদন কৰিব পাৰিব৷ নিযুক্তিপ্রাপ্তই ৩ বছৰ পুনৰ গৃহৰক্ষী বাহিনীৰ কার্য সম্পাদন কৰিব পাৰিব৷ নিযুক্তিৰ পূর্বে শাৰীৰিক সুস্থতাৰ পৰীক্ষাত অৱতীর্ণ হোৱাটো বাঞ্ছনীয়৷ আগ্রহীসকলে কার্যালয়ৰ পৰা সংগ্রহ কৰা নির্ধাৰিত প্র–পত্রৰ লগত বুনিয়াদী গৃহৰক্ষী প্রশিক্ষণৰ প্রমাণ–পত্র লগত শেহতীয়া পাছপ’ট আকাৰৰ ৩ কপী ফটোসহ আবেদন কার্যালয়ত জিলা অধিনায়ক, গৃহৰক্ষী বাহিনী, গোৱালপাৰাত জমা কৰিব লাগিব৷ আবেদন গ্রহণৰ অন্তিম দিন ২৯ ফেব্রুৱাৰী ২০২০৷

You might also like