চিআৰপিএফৰ ২১২ চাকৰিৰ বিজ্ঞাপন
ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনত পৰিচালিত কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী(Central Researve Police Force)অর্থাৎ চিআৰপিএফত মুকলি হৈছেGroup “B” আৰ “C” Non Ministerial, Non Gazetted, Combatised Signal Staffৰ ২১২ পদ৷ অর্হতাসম্পন্ন পুৰুষ আৰু মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰিCRPFৰIG (Estt.) Dte.–এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Sub-Inspector/RO (19), Sub-Inspector/Crypto (7), Sub-Inspector/Technical (5), Sub-Inspector/Civil-Male (20), Assistant Sub-Inspector/Technical (146), Assistant Sub-Inspector/Draughtsman (15)৷ মুঠ পদ ২১২ৰ ভিতৰত অসংৰক্ষিত ৮৫, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২৩, অ’বিচিৰ ৫৬, এছ চিৰ ৩২, এছ টি শ্রেণীৰ প্রার্থীৰ বাবে ১৬ পদ সংৰক্ষিত থাকিব৷Sub-Inspector/RO পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী নাইবা স্বীকৃতিপ্রাপ্তUniversityৰ পৰাMathematics আৰুPhysics বিষয়সহ অথবাComputer Science বিষয়ত ইয়াৰ সমপর্যায়ৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷Sub-Inspector/Crypto পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী নাইবা স্বীকৃতিপ্রাপ্তUniversityৰ পৰাMathematics আৰুPhysics বিষয়সহ ইয়াৰ সমপর্যায়ৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷Sub-Inspector/Technical পদৰ প্রার্থীB.E./B.Tech. ডিগ্রীধাৰী নাইবাElectronics/Telecommunication/Computer Science বিষয়ত ইয়াৰ সমপর্যায়ৰ ডিগ্রীধাৰী অথব Associate Member of the Institution of Engineers/Institution of Electronics and Telecommunication Engineersৰ সদস্য হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷ Sub-Inspector/Civil-Male পদৰ প্রার্থীIntermediate উত্তীর্ণ হোৱাৰ লগতে স্বীকৃতিপ্রাপ্তBoard/Institution/Universityৰ পৰাCivil Engineeringৰ ডিপ্ল’মাধাৰী নাইবা ইয়াৰ সমপর্যায়ৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷Assistant Sub-Inspector/Technical পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তBoardৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে স্বীকৃতিপ্রাপ্তInstituteৰ পৰাRadio Engineering/Electronics/Computer বিষয়ত ডিপ্ল’মাধাৰী অথবা স্বীকৃতিপ্রাপ্তUniversityৰ পৰাPhysics, Chemistry আৰ Mathematics বিষয়সহB.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৯,২০০–৯২,৩০০ টকা৷Assistant Sub-Inspector/Draughtsman পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তBoard ৰ পৰাEnglish, General Science আৰ Mathematics বিষয়সহ উত্তীর্ণ হোৱাৰ লগতে স্বীকৃতিপ্রাপ্তPolytechnicৰ পৰাDraughtsman Course (Civil/ Mechanical Engineering)ৰ ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৯,২০০–৯২,৩০০ টকা৷Sub-Inspector/RO, Sub-Inspector/Crypto, Sub-Inspector/Technical পদৰ প্রার্থীৰ বয়স ২১ মে’ ২০২৩লৈ ৩০ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২২ মে’, ১৯৯৩ৰ পিছত হোৱা হ’ব লাগিব৷Sub-Inspector/Civil-Male পদৰ প্রার্থীৰ বয়স ২১ মে’ ২০২৩লৈ ২১–৩০ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২২ মে’, ১৯৯৩ৰ পিছত আৰু ২১ মে’, ২০০২ৰ আগত হোৱা হ’ব লাগিব৷Assistant Sub-Inspector/Technical, Assistant Sub-Inspector/Draughtsman পদৰ প্রার্থীৰ বয়স ২১ মে’ ২০২৩লৈ ১৮–২৫ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২২ মে’, ১৯৯৮ৰ পিছত আৰু ২১ মে’, ২০০৫ৰ আগত হোৱা হ’ব লাগিব৷Examination Fee হিচাপে অ’বিচি, সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰSub Inspector (Group-‘B’) শ্রেণীৰ প্রার্থীয়ে ২০০ টকা আৰ Asst. Sub Inspector (Group ‘C’) শ্রেণীৰ প্রার্থীয়ে ১০০ টকা কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ হকে পৰিশোধ কৰিব লাগিব৷ লিখিত পৰীক্ষা অসমৰDibrugarh, Lakhimpur, Tezpur জিলাত অনুষ্ঠিত হ’ব৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈCentral Researve Police Forceৰ ৱেবছাইটhttps://rect.crpf.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২১ মে’, ২০২৩৷