নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কর্ণাটক বিধানসভা নির্বাচনৰ ভোটগ্রহণ: ২২৪ সমষ্টিত ২,৬১৫ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৫.৩১ কোটি ভোটাৰে

নিয়মীয়া বাৰ্তা, ১০ মে’:  দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ দক্ষিণৰ একমাত্র শাসকীয় ৰাজ্য কর্ণাটক বিধানসভা নির্বাচনৰ কাইলৈ ভোটগ্রহণ৷ ৰাজ্যখনৰ ২২৪টা বিধানসভা সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সামৰণি পৰিব৷ ২,৬১৫গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৫.৩১,৩৩,০৫৪গৰাকী ভোটাৰে৷ মুঠ ৫.৩১ কোটিতকৈ অধিক ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ২.৬৭ কোটি, মহিলা ভোটাৰ ২.৬৪ কোটি আৰু অন্যান্য ভোটাৰ ৪,৯২৭গৰাকী৷ ২,৬১৫গৰাকী প্রার্থীৰ ভিতৰত ২,৪৩০জন পুৰুষ প্রার্থী আৰু ১৮৪গৰাকী মহিলা প্রার্থী৷ এজন প্রার্থী তৃতীয় লিংগৰ৷ পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ আৰম্ভ হ’ব ৰাজ্যখনত স্থাপন কৰা মুঠ ৫৮,৫৪৫ ভোটগ্রহণ কেন্দ্রত৷ শাসকীয় বিজেপিয়ে পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত সমস্ত শক্তি প্রয়োগ কৰাৰ বিপৰীতে বিৰোধী কংগ্রেছ আৰু জেডিএছএয়েও নিজৰ হাতলৈ ক্ষমতা অনাৰ বাবে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছিল৷ ২২৪ বিধানসভা সমষ্টিৰ ভিতৰত চৰকাৰ গঠন কৰিবলৈ প্রয়োজনীয় মেজিক সংখ্যা হৈছে ১১৩৷ ২২৪ সমষ্টিৰ ভিতৰত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৩৬টা সমষ্টি, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১৫টা সমষ্টি৷ কাইলৈ ভোটগ্রহণ হোৱাৰ পিছত অহা ১৩ মে’ত ফলাফল ঘোষণা কৰা হ’ব৷

You might also like