নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জে বি ইনষ্টিটিউট অৱ ফার্মাচীত চাকৰি

গুৱাহাটীস্থিত জে বি ইনষ্টিটিউট অৱ ফার্মাচীত অচিৰেই অধ্যক্ষ আৰু সহকাৰী অধ্যাপকৰ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ সহকাৰী অধ্যাপকৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ফার্মাচিউটিক্স, ফার্মাচিউটিকেল কেমেষ্ট্রী, ফার্মা, এনালাইছিষ্ট, ফার্মাক’লজী আৰু ফার্মাক’গন্সী৷ প্রার্থীৰ শৈক্ষিক অর্হতা ফার্মাচী কাউঞ্চিল অৱ ইণ্ডিয়াৰ নির্ধাৰিত নিয়মাৱলী অনুসৰি যোগ্য বিবেচিত হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই আকর্ষণীয় দৰমহা লাভ কৰিব৷ আগ্রহী প্রার্থীসকলে যথাসম্ভৱ শীঘ্রে নিজৰ শেহতীয়া বায়োডাটাসহ আবেদন–পত্র ই–মেইলযোগে[email protected] প্রেৰণ কৰিব পাৰে৷

আবেদন প্রেৰণৰ অন্তিম তাৰিখ ২০ মার্চ ২০২০৷

You might also like