নাবার্ডত প্রবন্ধকৰ ১৫০ পদ; ৩ ফেব্রুৱাৰীৰ ভিতৰত আবেদন আহ্বান
ভাৰতবর্ষৰ গ্রাম্য অর্থনীতি আৰু কৃষিখণ্ডত ঋণ যোগানৰ ক্ষেত্রত অগ্রণী ভূমিকা লোৱা ৰাষ্ট্রীয় কৃষি আৰু গ্রামোন্নয়ন বেংক চমুকৈ নাবার্ডত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– জেনেৰেল (৬৯), জেনেৰেল এগ্রিকালচাৰ (৪), এগ্রিকালচাৰ ইঞ্জিনীয়াৰিং (৩), ফুড/ডেইৰী প্রচেছিং (৩), লেণ্ড ডেভেলপমেণ্ট–ছইল ছায়েঞ্চ (৩), এনভাইৰনমেণ্টেল ইঞ্জিনীয়াৰিং/ছায়েন্সেজ (৪), এগ্রিকালচাৰ মার্কেটিং/এগ্রি বিজনেছ মেনেজমেণ্ট (২), জি’ইনফর্মেটিক্স (২), এগ্রিকালচাৰ ইক’নমিক্স/ইক’নমিক্স (৫), ইনফর্মেচন টেকন’লজী (১২), চার্টার্ড একাউণ্টেণ্ট (৮), কোম্পানী ছেক্রেটেৰী (৩), ফাইনেঞ্চ (১৬), হিউমেন ৰিছ’চ মেনেজমেণ্ট (৩), ষ্টেটিছটিক্স (২), এএম–ৰাজভাষা (৮) আৰু এম–লীগেল (৩)৷ আবেদনকাৰী এগ্রিকালচাৰ/এগ্রিকালচাৰ ইঞ্জিনীয়াৰিং/ফুড প্রচেছিং/ফুড টেকন’লজী/ছইল ছায়েঞ্চ/এগ্রোন’মী/এনভাইৰনমেণ্টেল ইঞ্জিনীয়াৰিং/এগ্রিকালচাৰ মার্কেটিং/ইক’নমিক্স/কম্পিউটাৰ টেকন’লজীৰ স্নাতক ডিগ্রীধাৰী আৰু সংশ্লিষ্ট খণ্ডত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী ২০২০লৈ ২১–৩০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছচি, এছটি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা আৰু অন্যান্যসকলে ৮০০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ দৰমহাৰ নিৰিখ ২৮,১৫০–৬২,৬০০ টকা৷ ইচ্ছুকসকলে নিযুক্তিৰ সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.nabard.org/career ভিজিট কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ৩ ফেব্রুৱাৰী ২০২০৷