প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯,৫১৩ চাকৰি; অনলাইনযোগে আবেদন ২৭ জানুৱাৰীৰ পৰা ১১ ফেব্রুৱাৰী
অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগৰ অধীনত প্রাথমিক শিক্ষা সঞ্চালকালয়ে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ অৱশ্যে এই বিষয়ে ২০১৮ বর্ষৰ ১১ মার্চত বিভাগীয় সঞ্চালকে এক বিজ্ঞাপন প্রকাশ কৰিছিল৷ তথ্য অনুসৰি নিম্ন প্রাথমিক বিদ্যালয়ৰ ৫,৩৯৩ আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ৪,১২০ শিক্ষকৰ পদ পূৰণ কৰাৰ প্রস্তুতি চলাইছে৷ উচ্চ প্রাথমিক বিদ্যালয়ৰ ৪,১২০ পদৰ ভিতৰত সহকাৰী শিক্ষক ২,০৬৮, বিজ্ঞান শিক্ষক ২৯৯, হিন্দী শিক্ষক ১,২৮৫, আৰবিক শিক্ষক ১৫৪, অসমীয়া ভাষা শিক্ষক ২৯২ আৰু মণিপুৰী ভাষা শিক্ষক ২২টা৷ নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে ছিনিয়ৰ ছেকেণ্ডাৰী উত্তীর্ণ আৰু প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্ল’মাধাৰী হোৱাৰ উপৰি টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকা৷
আনহাতে, উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ প্রার্থী সংশ্লিষ্ট বিষয়ত কলা/বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী আৰু উচ্চ প্রাথমিক টেট উত্তীর্ণ হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্ল’মাধাৰী অথবা বিএড/ডিএড ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকা৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ উক্ত পদসমূহ ৰাজ্যৰ প্রতিখন জিলাৰ বিদ্যালয়ত পূৰণ কৰা হ’ব৷ পূর্বে আবেদন দাখিল কৰা প্রার্থীয়ে পুনৰ আবেদন কৰিব নালাগে৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://dee.assam.gov.in লগ–ইন কৰিব পাৰে৷
অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ২৭ জানুৱাৰীৰ পৰা ১১ ফেব্রুৱাৰী, ২০২০লৈ অব্যাহত থাকিব৷