নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিং প্রশিক্ষকক দুর্ব্যৱহাৰ বংগ দলৰ পৰা বাদ পৰিল ডিণ্ডা

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ বলিং প্রশিক্ষকক দুর্ব্যৱহাৰ কৰাৰ অভিযোগত বংগ ৰঞ্জি দলৰ পৰা বাদ পৰিছে তাৰকা বেগী বলাৰ অশোক ডিণ্ডা৷ অন্ধ্রৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ ৰঞ্জি ট্রফীৰ মেচখনৰ পূর্বে একালৰ আন্তঃৰাষ্ট্রীয় বেগী বলাৰগৰাকীক দলৰ পৰা বাদ দিয়া হয় বুলি বংগ দলৰ মুখ্য প্রশিক্ষক অৰুণ লালে প্রকাশ কৰিছে৷ তেওঁ কয় যে ডিণ্ডাই বংগৰ বলিং প্রশিক্ষক ৰণদেৱ বসুক দুর্ব্যৱহাৰ কৰিছে৷ বংগ ক্রিকেট সন্থাই ইয়াৰ বাবে ৰণদেৱ বসুৰ ওচৰত ক্ষমা বিচাৰিবলৈ ডিণ্ডাক আহ্বান জনাইছিল যদিও তেওঁ ক্ষমা বিচাৰিবলৈ সন্মত নোহোৱাত শেষ মুহূর্তত বেগী বলাৰগৰাকীক দলৰ পৰা বাদ দিয়া হয়৷ জানিব পৰা অনুসৰি, প্রশিক্ষক অৰুণ লাল আৰু বংগৰ মুখ্য নির্বাচক পলাশ নন্দীৰ সৈতেও ডিণ্ডাই ইয়াৰ পূর্বে সংঘাতত লিপ্ত হৈছিল৷ অভিজ্ঞ বেগী বলাৰগৰাকীয়ে এইপর্যন্ত ১১৬খন প্রথম শ্রেণীৰ মেচত ৪২০টা উইকেট দখল কৰিছে৷

You might also like