ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত পৰিচালিত ভাৰতীয় নৌসেনা বাহিনী (Indian Navy)ত অচিৰেই Civilian Personnelৰ ১,৫৩১টা পদত প্রার্থী নিয়োগ কৰা হ’ব৷ উক্ত খালী পদসমূহ Western Naval Command (Mumbai), Eastern Naval Command ( Visakhapatnam), Southern Naval Command (Kochi), Headquarterৰ দেশৰ ভিন্ন প্রান্তত নিয়োগ কৰা হ’ব৷
নৌসেনা বাহিনী কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, Designated Trade শিতানত পূৰণ হ’বলগীয়া Tradesman Skilledৰ পদসমূহৰ ভিতৰত আছে Electrical Fitter (164), Electro Plater (10), Engine Fitter (163), Foundry (6), Pattern Maker (8), ICE Fitter (110), Instrument Fitter (31), Machinist (70), Millwright Fitter (51), Painter (53), Plater (60), Sheet Metal Worker (10), Pipe Fitter (77), Ref & AC Fitter (46), Tailor (17), Welder (89), Radar Fitter (37), Rigger (55), Shipwright (102)৷
আনহাতে Optical (Non-Designated) Trade শিতানত পূৰণ হ’বলগীয়া Tradesman Skilledৰ পদসমূহৰ ভিতৰত আছে Blacksmith (7), Boiler Maker (21), Civil Works (38), Computer Fitter (12), Electronic Fitter (47), Gyro Fitter (7), Machinery Control Fitter (8), Sonar Fitter (19), Weapon Fitter (47), Hot Insulator (3), Ship Fitter (17), GT Fitter (36), ICE Fitter Crane (89)৷ মুঠ পদ ১,৫৩১টাৰ ভিতৰত অসংৰক্ষিত ৬৯৭টা, এছ চিৰ ২১৫টা, এছ টিৰ ৯৩টা, অ’বিচিৰ ৩৮৫টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১৪১টা পদ সংৰক্ষিত থাকিব৷ ৬১টা পদ দিব্যাংগ প্রার্থীৰ বাবে আৰু ১৫০টা পদ প্রাক্তন কর্মচাৰী শিতানত বিশেষভাৱে সংৰক্ষিত থাকিব৷ বয়স ১৮–২৫ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ১৯,৯০০–৬৩,২০০ টকা৷
আগ্রহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইটwww.joinindiannavy.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২২ মার্চ, ২০২২৷