নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ৰাজ্যিক চৰকাৰী ভাষা আয়োগত ৩ পদ খালীঃ আবেদনৰ অন্তিম তাৰিখ ৭ জানুৱাৰী

অসম ৰাজ্যিক চৰকাৰী ভাষা আয়োগত Assam Official Language (TCL) Commission) খালী হৈছেLanguage Officer-Assameseৰ ৩ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ অবৰ সচিবে এক বিস্তৃত নিয়োগ বিজ্ঞাপন অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্র আৰু বিভাগীয় ৱেবছাইটত প্রকাশ কৰিছে৷ মুঠ পদ ৩টাৰ অসংৰক্ষিত ১টা, অ’বিচি/এম’বিচিৰ ১টা আৰু এছ চিৰ ১টা পদ সংৰক্ষিত থাকিব৷

আবেদনকাৰীLawৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ স্নাতক মহলাৰ পাঠ্যক্রমৰAssamese বিষয় থকাটো বাঞ্ছনীয়৷ দৰমহাৰ নিৰিখ মাহে ২২,০০০–৯৭,০০০ টকাসহ ১১,৮০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আবেদন মাচুল হিচাপে সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ২৮৫.৪০ টকা, এছ চি/এছ টি/অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৮৫.৪০ টকা পৰিশোধ কৰাৰ বিপৰীতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ আৰু দিব্যাংগ প্রার্থীয়ে ৩৫.৪০ টকা অনলাইন মাধ্যমেৰে এ পি এছ চিৰ হকে পৰিশোধ কৰিব লাগিব৷ অনলাইনযোগে মাচুল পৰিশোধ কৰিবলৈ ৱেবছাইটhttps://assamegras.gov.in/helpdesk আৰু হেল্পলাইন নম্বৰ1800-212-11-88-66 সহায় ল’ব পাৰে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এপিএছচিৰ ৱেবছাইটhttps://apscrecruitment.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ জানুৱাৰী, ২০২১৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবে ই–মেইল[email protected]/হেল্পলাইন নম্বৰ1800-572-23-43ত যোগাযোগ কৰিব পাৰে৷

You might also like