নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিণ্ডিকেট অসমত পাঁচ বছৰত ২১,৭৫০ গৰু জব্দ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ চৰকাৰে অসমত কোনো গৰুৰ ছিণ্ডিকেট নাই বুলি বাৰম্বাৰ কৈ আহিছে যদিও গৰুৰ অবৈধ সৰবৰাহ অব্যাহত আছে৷ আজি সদনত পশুপালন মন্ত্রী অতুল বৰাই উন্মোচিত কৰিলে এই ভয়াৱহ তথ্য৷ বিধায়িকা নন্দিতা দাসৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী বৰাই কয় যে ২০১৬ চনৰ পৰা যোৱা ৩১ অক্টোবৰলৈ অসমত অবৈধ উপায়েৰে সৰবৰাহ কৰা ২১,৭৫০টা গৰু জব্দ কৰা হয়৷ ইয়াৰে বৰপেটাত ৪টা, বিশ্বনাথ চাৰিআলিত ৫৮৭টা, বঙাইগাঁৱত ৫৯টা, কাছাৰত ১০৪টা, চিৰাঙত ২২৪টা, ধুবুৰীত ৬,০৩১টা, গোৱালপাৰাত ১৬১টা, গোলাঘাটত ১২২টা, হাইলাকান্দিত ৩৪টা, হোজাইত ৪৮৯টা, কামৰূপত ৯৪৭টা, কৰিমগঞ্জত ১১৩টা, কোকৰাঝাৰত ১,৮২৬টা, লখিমপুৰত ১২৯টা, মৰিগাঁৱত ৯৭২টা, নগাঁৱত ২,৩৩০টা, গুৱাহাটী মহানগৰীত ১,১২৩টা, শদিয়াত ৪৫টা, দক্ষিণ শালমাৰাত ৫,৬৮৭টা, তিনিচুকীয়াত ৫২২টা, ওদালগুৰিত ১১টা, পশ্চিম কার্বি আংলঙত ২৯টা আৰু নদী আৰক্ষীয়ে ২০১টা গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ এই সংক্রান্তত এতিয়ালৈ মুঠ ১,৬৬৮জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

You might also like