নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসা স্বাস্থ্য নিয়োগ ব’ৰ্ডত ৫৭ চাকৰি, অন্তিম তাৰিখ ৫ অক্টোবৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ চিকিৎসা, শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ চিকিৎসা আৰু স্বাস্থ্য নিয়োগ ব’র্ডে Lecturer আৰুDemonstratorৰ ৫৭ পদৰ বিজ্ঞাপন জাৰি কৰিছে৷ উক্ত খালী পদসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত পূৰণ কৰা হ’ব৷

Lecturerৰ ৪৪ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Prosthodontics, Crown & Bridge, Aesthetic Dentistry and Oral Implantology (৬), Conservative Endodontic and Aesthetic Dentistry (৫) Oral Pathology, Microbiology and Forensic Odontology (৪, Oral & Maxillofacial Surgery and Oral Implantology (৫, Periodontology & Oral Implantology (৪, Orthodontics & Dentofacial Orthopedics (৪, Oral Medicine & Radiology (৫, Public Health Dentistry (৫, Pedodontics & Preventive Dentistry (৫, Anesthesiology (১)৷

আনহাতে Demonstratorৰ ১৩ প Microbiology বিভাগত পূৰণ কৰা হ’ব৷Lecturer পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৬৮,৯০০–২,০৫৫০০ টকা৷ আনহাতে,Demonstrator পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৫৭৭০০–১৮২৪০০ টকা৷ আবেদনকাৰীৰ বয়স ১ জানুৱাৰী, ২০২০ত ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আবেদন মাচুল হিচাপে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অ’বিচি, এম’বিচি, এছ চি আৰু এছ টি–পি/এইচ শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা ট্রেজাৰী চালানৰ মাধ্যমেৰে চিকিৎসা, স্বাস্থ্য নিয়োগ ব’ডৰ হকে পৰিশোধ কৰিব লাগিব৷ দিব্যাংগ আৰু দাৰিদ্র্য সীমাৰেখাৰ তলৰ শ্রেণীৰ প্রার্থীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপন সম্পর্কীয় বিশদ বিৱৰণ, পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://nhm.assam.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ অক্টোবৰ, ২০২০৷

You might also like