নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়োগ–কাৰিকৰী প্রশিক্ষণ সঞ্চালকালয়ত ৪৪৪ চাকৰি, আবেদনৰ অন্তিম তাৰিখ ১০ অক্টোবৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনস্থ নিয়োগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালকালয়ত খালী হৈছে ভিন্ন বর্গৰ ৪৪৪ পদ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এছএলপিআৰবিৰ অধ্যক্ষই জনসংযোগ বিভাগৰ জৰিয়তে এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে – ষ্টেন’গ্রাফাৰ (২), টেকনিকেল এছিছটেণ্ট (৪), ষ্টেটিছটিকেল এছিছটেণ্ট (৩০), ফার্মাচিষ্ট (১২), ষ্ট্রাক্টৰ–ষ্টেন’গ্রাফী (৮), জুনিয়ৰ ইনষ্ট্রাক্টৰ (৯২), জুনিয়ৰ এছিছটেণ্ট (১৪০), হোষ্টেল ছুপাৰিনটেণ্ডেণ্ট কাম ফিজিকেল ট্রেইনিং ইনষ্ট্রাক্টৰ (৩), ষ্ট’ৰ কীপাৰ (১০), লাইব্রেৰিয়ান (১), ড্রেছাৰৰ (৪) আৰু গ্রেড–৪ (১৩৮)৷

উল্লিখিত পদ অনুযায়ী প্রার্থীৰ দৰমহাৰ নিৰিখ মাহেকত ১৪,০০০–৬০,৫০০ টকাসহ ৮,৭০০/৭,৬০০/ ৭,৪০০/৬,৮০০/৬,২০০/ ৫,৬০০/ ৫,০০০/৪,২০০/৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২০ত ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ বাবে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.slprbassam.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ অক্টোবৰ, ২০২০৷ এই প্রক্রিয়া যোৱা ২১ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হৈছে৷

You might also like