নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনটিপিচি লিমিটেডত ইঞ্জিনীয়াৰৰ ৭০ পদ

দেশত শক্তি বিতৰণৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা এক আগশাৰীৰ কোম্পানী এনটিপিচি লিমিডেটত খালী হৈছে ইঞ্জিনীয়াৰৰ ৭০ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এনটিপিচি কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ইঞ্জিনীয়াৰৰ ৭০ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Mining (40), Mechanical (12), Electrical (10) আৰ Mine Survey (8)৷Mining পদৰ প্রার্থী গড়ে ৭০ শতাংশ নম্বৰেৰেMining/ Mining & Mine Surveying Engineering বিষয়ত ডিপ্ল’মাধাৰী হ’ব লাগিব৷ Electrical পদৰ প্রার্থী গড়ে ৭০ শতাংশ নম্বৰেৰেElectrical/Electrical & Electronics Engineering বিষয়ত ডিপ্ল’মাধাৰী হ’ব লাগিব৷ Mining পদৰ প্রার্থী গড়ে ৭০ শতাংশ নম্বৰেৰেMining/ Mining & Mine Surveying Engineering বিষয়ত ডিপ্ল’মাধাৰী হ’ব লাগিব৷ Mechanical পদৰ প্রার্থী গড়ে ৭০ শতাংশ নম্বৰেৰেMechanical/Production Engineering বিষয়ত ডিপ্ল’মাধাৰী হ’ব লাগিব৷Mine Survey পদৰ প্রার্থী গড়ে ৭০ শতাংশ নম্বৰেৰেMine Survey/Mining Engineering/ Mining & Mine Surveying বিষয়ত ডিপ্ল’মাধাৰী হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স সর্বোচ্চ ২৫ বছৰ৷ প্রশিক্ষণৰ সময়ছোৱাত মাহে ২৪,০০০ টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৩০০ টকা অনলাইন মাধ্যমেৰে এনটিপিচিৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছ চি, এছ টি, দিব্যাংগ আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বাছনি প্রক্রিয়া, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এনটিপিচিৰ ৱেবছাইটwww.ntpccareers.net লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ ডিচেম্বৰ, ২০২০৷

You might also like