নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফৰেনছিক বিজ্ঞানাগাৰ সঞ্চালকালয়ত ৮ পদ

আবেদনৰ অন্তিম তাৰিখ ১৪ ডিচেম্বৰ

অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনত পৰিচালিত ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ত(Directorate of Forensic Science, Assam) খালী হৈছে ৮ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে জনসংযোগ বিভাগৰ জৰিয়তে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Laboratory Bearerৰ ৮ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ মুঠ খালী পদ ৮টাৰ ভিতৰত অসংৰক্ষিত ৫টা থকাৰ বিপৰীতে অ’বিচি, এছ টি–এইচ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে একোটাকৈ পদ সংৰক্ষিত থাকিব৷

আবেদনকাৰী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ পাঁচটকীয়া ডাক টিকট লগোৱা স্ব–নাম, ঠিকনাযুক্ত এটা অতিৰিক্ত খাম আবেদনৰ লগতDirectorate of Forensic Science, Assam, Kahilipara, Guwahati-781019 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ১৪ ডিচেম্বৰ, ২০২০৷ বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ বাবে ৱেবছাইটhttps://forensic.assam.gov.in লগ–ইন কৰিব পাৰে৷

You might also like