ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ১৫০ পদৰ বিজ্ঞাপন
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ জৈৱ–চিকিৎসা সংক্রান্তীয় গৱেষণা প্রস্তুতি, সহযোগিতা আৰু প্রসাৰৰ এক শীর্ষস্থানীয় সংস্থা ভাৰতীয় চিকিৎসা গৱেষণা পৰিষ (Indian Council of Medical Research)ত খালী হৈছেJunior Research Fellowৰ ১৫০ পদ৷Junior Research Fellowৰ মুঠ পদ ১৫০টাৰ ভিতৰতLife Sciences বিভাগত ১২০টা আৰুSocial Sciences বিভাগত ৩০টা পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ইতিমধ্যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
বিজ্ঞাপনৰ তথ্য অনুসৰি Life Sciences বিভাগত থকা ১২০টা পদMicrobiology, Physiology, Molecular Biology, Genetics, Human Biology, Biotechnology, Biochemistry, Bioinformatics, Biophysics, Immunology, Pharmacology, Nursing, Zoology, Botany, Environmental Sciences, Veterinary Medicine বিভাগত পূৰণ কৰা হ’ব৷ আনহাতে Social Sciences বিভাগত থকা ৩০টা পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Psychology, Sociology, Home Sciences, Statistics, Anthropology, Social Work, Public Health/Health Economics৷ আবেদনকাৰী সংশ্লিষ্ট বিভাগৰ বিষয়ত MA/M.Sc.ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ৩১,০০০ টকা আৰু বছৰি ২০,০০০ টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১,৫০০ টকা পৰিশোধ কৰাৰ বিপৰীতে এছ চি আৰু এছ টি প্রার্থীয়ে ১,২০০ টকা অনলাইন মাধ্যমেৰে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল দিব্যাংগ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, বাছনি প্রক্রিয়া, পৰীক্ষা পদ্ধতিৰ বিষয়ে অধিক জানিবলৈ ৱেবছাইটhttps://cdn.digialm.com/EForms/configuredHtml/2650/71772/Index.html ভিজিট কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২১৷