অসম চৰকাৰৰ শ্রম বিভাগত ৪০ পদৰ বিজ্ঞাপন; ১২ ছেপ্টেম্বৰৰ ভিতৰত আবেদন আহ্বান
অসম চৰকাৰৰ শ্রম আৰু কল্যাণ বিভাগৰ অধীনস্থ গুৱাহাটীৰ গোপীনাথ নগৰস্থিত শ্রমায়ুক্তৰ কার্যালয়ত খালী হৈছে ৪০ পদ৷ ইতিমধ্যে এই বিষয়ে এক বিস্তৃত বিজ্ঞাপন প্রকাশ কৰি ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষই আবেদন আহ্বান কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– জুনিয়ৰ এছিছটেণ্ট (মুখ্য কার্যালয়)ৰ ৫টা পদ, জুনিয়ৰ এছিছটেণ্ট (জিলা পর্যায়ৰ) ৩২টা, কম্পিউটাৰ ২টা পদ আৰু ষ্টেনোগ্রাফাৰৰ ১টা পদ৷
মুখ্য কার্যালয় আৰু জিলা কার্যালয়ত পূৰণ হ’বলগীয়া জুনিয়ৰ এছিছটেণ্ট আৰু কম্পিউটাৰ পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ আনহাতে ষ্টেনোগ্রাফাৰ পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু ষ্টেনোগ্রাফাৰ প্রমাণ–পত্রধাৰী হোৱাৰ লগতে প্রতি মিনিটত ইংৰাজীত ৮০টা শব্দ টাইপ কৰিব পৰা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী ২০২০২লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷
দৰমহাৰ নিৰিখ ক্রমে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০/৫,৬০০/৮,৭০০ টকাৰ গ্রেড পে লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.slprbassam.in ভিজিট কৰিব পাৰে৷
অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া যোৱা ২৪ আগষ্টৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ১২ ছেপ্ঢেম্বৰ ২০২০লৈ অব্যাহত থাকিব৷