নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্ত সুৰক্ষা বাহিনীত ১১০ পদত নিযুক্তিৰ জাননী

-আবেদনৰ অন্তিম তাৰিখ ২৬ জুলাই

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনত পৰিচালিত সীমান্ত সুৰক্ষা বাহিনীত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি সীমান্ত সুৰক্ষা বাহিনীৰ নিযুক্তি বিভাগৰ কমাণ্ডেণ্টে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, Para Medical Staff (75) আৰুVeterinary Staff (35)ৰ ১১০ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷Para Medical Staffৰ ৭৫ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে SI (Staff Nurse)-Group B (37), ASI Operation Theatre Technician-Group C (1), ASI Laboratory Technician-Group C (28), CT (Ward Boy/Ward Girl/Aya)-Group C (9)৷ SI (Staff Nurse) পদৰ প্রার্থী দ্বাদশ শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতেGeneral Nursing Programmeৰ ডিগ্রী/ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷Central/State Nursing Councilৰ অধীনত  General Nurse & Midwife হিচাপে নাম পঞ্জীয়নভুক্ত হোৱাটো বাঞ্ছনীয়৷ Tuberculosis, Hospital Administration, Sister Tutor, Public Health, Pediatrics/Psychiatry বিভাগত কর্ম অভিজ্ঞতা থকাটো জৰুৰী৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷ বয়স ২১–৩০ বছৰ৷ ASI Operation Theatre Technician পদৰ প্রার্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে কেন্দ্রীয়/ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা Operation Techniqueৰ ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ২৯,২০০–৯২,৩০০ টকা৷ বয়স ২০–২৫ বছৰ৷

ASI Laboratory Technician পদৰ প্রার্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে কেন্দ্রীয়/ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা Medical Laboratory Technologyৰ ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ২৯,২০০–৯২,৩০০ টকা৷ বয়স ১৮–২৫ বছৰ৷ CT (Ward Boy/Ward Girl/Aya) পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত কর্ম অভিজ্ঞতা নাইব Industrial Training Institute/Vocational Instituteৰ পৰা এবছৰীয়া প্রমাণ–পত্রধাৰী আৰু সংশ্লিষ্ট ট্রেডতIndustrial Training Instituteৰ পৰা দুবছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ অৱশ্যে নিযুক্তিৰ ক্ষেত্রতMulti-Skilled প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০–৬৯,১০০ টকা৷ বয়স ১৮–২৩ বছৰ৷Para Medical Staff ৰ মুঠ পদ ৭৫টাৰ ভিতৰত অসংৰক্ষিত ২৮টা, এছ চিৰ ৯টা, এছ টিৰ ৬টা, অ’বিচিৰ ২৬টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৬টা পদ সংৰক্ষিত থাকিব৷

ইফালে,Veterinary Staffৰ ৩৫ পদ পূৰণ হ’বলগীয়া বিভাগ দুটা হৈছে–HC Veterinary-Group C (20), Constable (Kennelman)-Group C (15)৷HC Veterinary পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেVeterinary Stock Assistantৰ এবছৰীয়া প্রমাণ–পত্রধাৰী আৰু সংশ্লিষ্ট খণ্ডত এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮১,১০০ টকা৷ বয়স ১৮–২৫ বছৰ৷ শেষতConstable (Kennelman) পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেGovernment Veterinary Hospital/Dispensary of Veterinary College/Government Farmত পশু চোৱাচিতা কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০–৬৯,১০০ টকা৷ বয়স ১৮–২৫ বছৰ৷Veterinary Staffৰ মুঠ পদ ৩৫টাৰ ভিতৰত অসংৰক্ষিত ১৮টা, এছ চিৰ ৪টা, এছ টিৰ ৫টা, অ’বিচিৰ ৫টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৩টা পদ সংৰক্ষিত থাকিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.bsf.gov.in & https://rectt.bsf.gov.in/registration/basic-details?guid=3d4da058-cf5b-12eb-bafc-fc017s9a1ba8 লগ–ইন কৰিব পাৰে৷ আবেদন দাখিল প্রক্রিয়া ২৭ জুনৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ২৬ জুলাইলৈ অব্যাহত থাকিব৷

You might also like