নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকপ্রিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্রতিষ্ঠানত ৩২ পদ

১০ জানুৱাৰীৰ ভিতৰত আবেদন আহ্বান

তেজপুৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠান(LGB Regional Institute of Mental Health)ত খালী হৈছে ভিন্ন বর্গৰ ৩২ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিLGB Regional Institute of Mental HealthৰDirector-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Nursing Tutor (5), Staff Nurse (10), Clinical Psychologist (1), Stenographer Grade II (1), Radiographer (1), Medical Record Technician (1), Receptionist (2), LDC (8), Ward Sister (3)৷Nursing Tutor পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰাPsychiatric Nursing বিষয়ত গড়ে ৫৫ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ হোৱাৰ লগতেCentral/State Nursing CouncilতNurse & Midwife হিচাপে নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷Staff Nurse পদৰ প্রার্থীHSSLC উত্তীর্ণ হোৱা আৰুRegistered Nurse (GNM/B.Sc. Nursing) হোৱাৰ লগতেINC/State Nursing Councilত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷Clinical Psychologist পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰা সংশ্লিষ্ট বিষয়ত গড়ে ৫৫ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ আৰু স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰা সংশ্লিষ্ট বিষয়তM.Phil উত্তীর্ণ হোৱাৰ লগতেGeneral Hospital/Teaching InstituteৰMental Hospital/Child Guidance Clinic/Psychiatric DepartmentতTeaching আৰুResearchৰ দুবছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷Stenographer Grade II পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে প্রতি মিনিটত ৮০টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ ইংৰাজী ভাষাত ৫০টা শব্দ আৰু হিন্দী ভাষাত ৬৫টা শব্দ কম্পিউটাৰত টাইপিং কৰিব পৰা হ’ব লাগিব৷ বয়স সর্বোচ্চ ২৭ বছৰ৷Radiographer পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Boardৰ পৰা দশম শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে স্বীকৃতিপ্রাপ্তInstituteৰ পৰাRadiographic Technique বিষয়ত দুবছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩০ বছৰ৷Medical Record Technician পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেMedical Record Technicianৰ ছমহীয়া প্রশিক্ষণপ্রাপ্ত আৰু কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩০ বছৰ৷Receptionist পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Boardৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেCentral Government Health Serviceৰ অধীনত পৰিচালিতGovernment/Semi Government Institute/HospitalতReceptionist হিচাপে কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ২৫ বছৰ৷LDC পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Board ৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে প্রতি মিনিটত ইংৰাজী ভাষাত ৩০টা শব্দ আৰু হিন্দী ভাষাত ২৫টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩০ বছৰ৷Ward Sister পদৰ প্রার্থীHSSLC উত্তীর্ণ হোৱা আৰুRegistered Nurse (GNM/B.Sc. Nursing) হোৱাৰ লগতেINC/State Nursing Councilত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ আবেদনকাৰীৰ ১০০খন বিছনাযুক্ত চৰকাৰী হাস্পতালত ষ্টাফ নার্ছ হিচাপে পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ আবেদন মাচুল হিচাপে ১০০ টকাLGBRIMHৰ সঞ্চালকৰ হাতত পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈLGBRIMH, Tezpurৰ ৱেবছাইটwww.lgbrimph.gov.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদনTo, The Administrative Officer, LGBRIMH, Tezpur-784001 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ জানুৱাৰী, ২০২২৷

You might also like