ভাৰতীয় ৰে’লত খালী পদৰ বিজ্ঞাপন
ভাৰতীয় ৰে’ল বিভাগৰ তৰফৰ পৰা ২০গৰাকী শিক্ষা নবীচ নিয়োগ কৰা হ’ব৷ ভাৰতীয় ৰে’ল বিভাগৰ অধীনত কর্মৰত প্রতিষ্ঠান ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক’নমিকছ ছার্ভিচ (আৰআইটিইএছ)ৰ তৰফৰ পৰা বিজ্ঞপ্তি প্রকাশ কৰা হৈছে৷ ইয়াৰ ভিতৰত দুগৰাকী বিশেষভাৱে সক্ষম স্নাতক ডিগ্রীধাৰীয়েও সুযোগ পাব৷ আবেদনকাৰীৰ বয়স ৩০ বছৰৰ ভিতৰত হ’ব লাগিব৷ মাহে ৪০,০০০ৰ পৰা ১,০০০০০ টকা আয়ৰ সুযোগ লাভ কৰিব স্নাতক উত্তীর্ণ অভিযন্তাসকলে৷ শিক্ষা নবীচ হিচাপে আবেদনকাৰীসকলৰ স্নাতক পর্যায়ত নূ্যনতম ৬০ শতাংশ নম্বৰ থকা আৱশ্যক৷ সংৰক্ষিত আসনৰ স্নাতকসকলৰ ক্ষেত্রত নূ্যনতম ৫০ শতাংশ নম্বৰ থকাৰ প্রয়োজন৷ তদুপৰি যিসকলে স্নাতক পর্যায়ৰ অন্তিম বর্ষত পঢ়া–শুনা কৰি আছে তেওঁলোকে এই পদৰ বাবে আবেদন জনাব পাৰিব৷ তদুপৰি আবেদনকাৰীসকলে ২০২৩ৰ গেট পৰীক্ষাত চিভিল ইঞ্জিনীয়াৰিং শাখাত উত্তীর্ণ হ’ব লাগিব৷ আগ্রহী প্রার্থীসকলে ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক’নমিকছ ছার্ভিচৰ ৱেবছাইটলৈ গৈ আবেদন জনাব পাৰে৷ এই পদত অনলাইনযোগে আবেদন জনোৱাৰ শেষ তাৰিখ ২৩ জুন, ২০২৩৷