এনএইচপিচি লিমিটেডত ৪০০ চাকৰি
বিশেষ বাৰ্তা, ২৮ জুনঃ কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ অধীনত ৰাষ্ট্রীয় সংস্থা নেচনেল হাইড্র’ ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন চমুকৈ এনএইচপিচি লিমিটেডত যথেষ্টসংখ্যক কর্মচাৰী নিয়োগ কৰা হ’ব৷ সম্প্রতি সংস্থাটোৱে এই সম্পর্কীয় বিজ্ঞপ্তি প্রকাশ কৰিছে৷ প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব৷ নিয়োগ কৰা হ’ব জুনিয়ৰ ইঞ্জিনীয়াৰ (চিভিল), জুনিয়ৰ ইঞ্জিনীয়াৰ (ইলেক্ট্রিকেল), জুনিয়ৰ ইঞ্জিনীয়াৰ (মেকানিকেল), জুনিয়ৰ ইঞ্জিনীয়াৰ (ইলেক্ট্রনিক্ছ এণ্ড কমিউনিকেচন), ছুপাৰভাইজৰ (আইটি), ছুপাৰভাইজৰ (ছার্ভে), ছিনিয়ৰ একাউণ্টেণ্ট, হিন্দী ট্রেঞ্চলেটৰ, ড্রাফ্টছ মেন (চিভিল) আৰু ড্রাফ্টছ মেন (ইলেক্টিকেল/মেকানিকেল) পদত৷ মুঠ খালী পদৰ সংখ্যা ৩৮৮টা৷ পদ অনুযায়ী নিযুক্তিপ্রাপ্তসকলৰ্ মাহিলি বেতন ২৫,৫০০ টকাৰ পৰা ১,১৯,৫০০ টকা পর্যন্ত৷ প্রার্থীসকলৰ বয়স ৩০ বছৰৰ ভিতৰত হ’ব লাগিব৷ জুনিয়ৰ ইঞ্জিনীয়াৰ (চিভিল) পদৰ বাবে প্রার্থীসকল চৰকাৰৰ স্বীকৃতিপ্রাপ্ত কোনো প্রতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙত তিনি বছৰৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ তেওঁলোকৰ নূ্যনতম ৬০ শতাংশ নম্বৰ থাকিব লাগিব৷ যিসকলৰ বি টেক বা বি ইৰ দৰে উচ্চ ডিগ্রী আছে তেওঁলোকৰ ক্ষেত্রতো আবেদনৰ বাবে এই ডিপ্ল’মাৰ প্রয়োজন৷ পদসমূহত প্রার্থী নিয়োগ কৰা হ’ব কম্পিউটাৰ ভিত্তিক অনলাইন পৰীক্ষাৰ জৰিয়তে৷ আগ্রহীসকলে এনএইচপিচিৰ ৱেবছাইটলৈ গৈ সমস্ত নথি জমা দি আবেদন জনাব পাৰিব৷ আবেদনৰ বাবে সংৰক্ষিত প্রার্থীসকলৰ বাহিৰে অসংৰক্ষিতসকলে জমা দিব লাগিব ২৯৫ টকা৷ এই বিষয়ে জানিবলৈ সংশ্লিষ্ট ৱেবছাইটৰ কেৰিয়াৰ বিভাগলৈ গৈ মূল বিজ্ঞপ্তিটো চাব পাৰিব৷ আবেদনৰ অন্তিম তাৰিখ ৩০ জুন৷