নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়া লিমিটেডত ১৬ পদ পূৰণৰ বিজ্ঞাপন

অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজান মুখ্য কার্যালয়ত খালী হৈছে কেইবাটাও পদ৷ যোগ্য প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাই বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ইঞ্জিনীয়াৰ ২টাঃ প্রার্থী পেট্রোলিয়াম/মেকানিকেল ইঞ্জিনীয়াৰিঙৰ বিই/বিটেক ডিগ্রীধাৰী হ’ব লাগিব৷ তেল আৰু প্রাকৃতিক গেছ উদ্যোগত ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ দৰমহাৰ নিৰিখ মাহে ৪৫,০০০ টকা৷ ড্রিলিং ইঞ্জিনীয়াৰ ২টাঃ প্রার্থী ইঞ্জিনীয়াৰিঙৰ স্নাতক নাইবা পেট্রোলিয়াম এক্সপ্লোৰেচন বিষয়ত পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী হোৱাৰ লগতে খাৰুৱা তেল শোধন আৰু নিষ্কাশন খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৫০,০০০ টকা৷ জি’ফিজিষ্ট ১০টাঃ প্রার্থী এপ্লাইড জি’ফিজিক্স বিষয়ত স্নাতকোত্তৰ নাইবা এপ্লাইড জি’ফিজিক্স বিষয়ত এমএছচি উত্তীর্ণ হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো প্রয়োজনীয়৷ দৰমহাৰ নিৰিখ মাহে ৫০,০০০ টকা৷ শেষত কেমিষ্ট ২টাঃ প্রার্থী কেমেষ্ট্রীৰ এমএছচি/কেমিকেল ইঞ্জিনীয়াৰিঙৰ বিই/বিটেক হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৪৫,০০০ টকা৷ প্রার্থীসকলক ছমহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী পর্যায়ত দুবছৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ সাক্ষাৎকাৰ ১৬, ১৯ আৰু ২০ ডিচেম্বৰ ২০১৯ তাৰিখে ৮.৩০–৯.৩০ বজাত অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ শেহতীয়া বায়োডাটা, পাৰপত্র আকাৰৰ ২ কপী ফটো আৰু অইলৰ ৱেবছাইটwww.oil-india.comৰ পৰা ডাউনলোড কৰি লোৱা নির্ধাৰিত প্র–পত্র পূৰ কৰি আনিব লাগিব৷ সাক্ষাৎকাৰৰ স্থানConference Room, Narangi Club, Pipeline Head Quarters, Oil India Ltd., PO- Udayan Vihar, Narangi, Guwahati, Assam৷ সবিশেষৰ বাবে উল্লিখিত ৱেবছাইট চাব পাৰে৷

You might also like