নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত নির্মাণ হেংপাং দাদা সুৱণশিৰি দলং

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ সময়ত চলি থকা লকডাউনৰ বাবে যাতে অত্যাৱশ্যকীয় সামগ্রী যোগানত ব্যাঘাত নজন্মে, তাৰ প্রতি লক্ষ্য ৰাখি অভিলেখসংখ্যক সময়ত অৰুণাচল প্রদেশত দলং নির্মাণ কৰি উলিয়ালে ব’ডৰ ৰোড্ছ অর্গেনাইজেচন (বিআৰ’)এ৷ কালি ৰাজ্যখনৰ মুখ্যমন্ত্রী পেমা খাণ্ডুই উদ্বোধন কৰা দলংখন হৈছে হেংপাং দাদা সুৱণশিৰি দলং৷ এই দলংখনেৰে ২৪ টনৰ পৰা ৪০ টনলৈকে সামগ্রী কঢ়িয়াব পাৰিব যান–বাহনে৷ ভাৰত আৰু চীনৰ এলএচিৰ কাৰণে কৌশলগত এই দলংখন এমাহৰ ভিতৰতে নির্মাণ সম্পূর্ণ কৰিছে বিআৰ’ই৷ যোৱা ১৭ মার্চত নির্মাণ আৰম্ভ কৰা এই দলংখন ২০ এপ্রিলত ভিডি’ কনফাৰেঞ্চযোগে মুকলি কৰি মুখ্যমন্ত্রী খাণ্ডুৱে বিআৰ’ক ভূয়সী প্রশংসা কৰে৷ সীমান্তত নির্মাণ কৰা এই দলংখন ভাৰতৰ বাবে অতিকে গুৰুত্বপূর্ণ, কিয়নো এই অঞ্চলটোত সামৰিক সামগ্রী যোগানৰ লগতে সেনা বাহিনীৰ চাল–চলনতো সুবিধা হ’ব৷

You might also like