অৰুণাচল প্ৰদেশত লক ডাউন ঘোষণা
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ পৰা সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল চৰকাৰে ৰাজ্যখনত লক ডাউন ঘোষণা কৰে । অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ নিৰ্দেশত সোমবাৰৰ সন্ধিয়া ৫ বজাৰ পৰা ৩১ মাৰ্চলৈ ৰাজ্যখনত লক ডাউন ঘোষণা কৰে ।
For prevention and containment of Corona Virus in Arunachal, the State Government invokes Epidemic Act and announces ‘complete safety restrictions’ of state from 5pm, March 23 till midnight of March 31. All essential services shall be exempted. pic.twitter.com/AuUWBj6F5O
— Pema Khandu (@PemaKhanduBJP) March 22, 2020
এই সময়ছোৱাত ৰাজ্যখনৰ সকলো কাৰ্যালয়, দোকান, যান বাহনৰ চলাচল বন্ধ থাকিব । লগতে বহিঃৰাজ্যৰ পৰা কোনো বাহন অৰুণাচনত প্ৰৱেশ কৰিব নোৱাৰিব ।
অৱশ্যে জৰুৰী সেৱাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব ।