আইএলপিক লৈ খাচীৰে অজনজাতীয়ৰ ভয়ংকৰ সংঘর্ষ; নিহত খাচী ছাত্র সন্থাৰ সদস্য
দেশৰ ৰাজধানী দিল্লীত ‘কা’বিৰোধী হিংসাৰ জুই নির্বাপিত হোৱাৰ ক্ষণতেই কালি বিয়লি ‘কা’ আৰু আই এল পিক লৈ দুটা ফৈদৰ সংঘর্ষত উত্তপ্ত হয় মেঘালয়৷ মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ৯০ কিলোমিটাৰ নিলগৰ পূব খাচী পাহাৰত কালি সংঘটিত খাচী ছাত্র ইউনিয়ন (কে এছ ইউ) আৰু অজনজাতীয় লোকৰ মাজত সংঘর্ষই ৰাজ্যখনৰ প্রান্তে প্রান্তে উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰে৷
‘কা’ আৰু আই এল পিক (ইনাৰ লাইন পার্মিট) লৈ ছেলাত বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে কে এছ ইউ আৰু অজনজাতীয় লোকৰ মাজত হোৱা সংঘর্ষত এজন কে এছ ইউৰ সদস্যসহ দুজন নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়৷ যান–বাহন লণ্ডভণ্ড কৰা লোকক নিয়ন্ত্রণ কৰিবলৈ যাওঁতে আৰক্ষীৰ জোৱানো আহত হয়৷ কালিয়েই শ্বিলঙৰ চেৰাপুঞ্জীত একাংশ লোকে হাতত লাঠী–দা লৈ ‘কা’বিৰোধী প্রতিবাদকাৰীক আক্রমণ কৰে৷ ইয়াৰ পাছতেই ‘কা’বিৰোধী লোকসকলেও প্রত্যাক্রমণত লিপ্ত হয়৷ পৰিণতিত দুয়ো ফৈদৰ লোক হতাহত হোৱাত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সান্ধ্য আইন জাৰি কৰে৷
ইপিনে, কালিৰে পৰা ৰাজ্যখনৰ ৬ খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছে৷ এই ইণ্টাৰনেট সেৱা বন্ধ ৰখা জিলাকেইখন হৈছে পূব জয়ন্তীয়া পাহাৰ, পূব খাচী পাহাৰ, ৰিভই, পশ্চিম খাচী পাহাৰ আৰু দক্ষিণ–পশ্চিম খাচী পাহাৰ জিলা৷ ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ লগতে ম’বাইলৰ এছ এম এছ প্রতিদিনে সর্বোচ্চ পাঁচটালৈ সীমাবদ্ধ কৰা হৈছে৷
সান্ধ্য আইন বলৱৎ থকা অঞ্চলসমূহ হৈছে সমগ্র পুলিচ বজাৰ, জেইল ৰোড, কিটিং ৰোড, প’লো, সমগ্র জাৱাই, মউপ্রেম, মউখাৰ, উমছ’ছাং, ৰিয়াটছামথিয়া, ৱাহিংড’, মিছন, লামডিংগিৰি, কুৱালাপট্টি, ৱাথাপাব্রু, ছানিহিল, কেণ্টনমেন, বাউছাৰ ৰোড, মউলাংহাট আদি৷