নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত আইএলপি লাগেনে ? কি ক’লে ড0 হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ “কোনো দল সংগঠনে অসমত আইএলপিক লৈ প্ৰস্তাৱ আগবঢ়োৱা নাই । অসম হ’ল উত্তৰ-পূবৰ দুৱাৰমুখ, তেন্তে ইয়াত কেনেকৈ ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য হ’ব ! অসমলৈ যদি ব্যৱসায়- বাণিজ্য কৰিবলৈ মানুহ আহিব নোৱাৰে, তেন্তে অসমত নিৱনুৱাৰ সংখ্যা তিনিগুণ বৃদ্ধি পাব ।” – এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ ।

ইপিনে অসম আন্দোলনৰ ৬ নং দফা ৰূপায়ণ কমিটিৰ সৈতে ব্যক্তিগত ভাৱে আলোচনাত ইনাৰ লাইন পাৰমিট সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰী ডo শৰ্মাই কয় যে ৬ নং দফাৰ প্ৰতিবেদনখন প্ৰকাশ পাব তেতিয়া ৰাইজে এই বিষয়ে নিজেই গম পাব । ইফালে কোনো দল সংগঠনেও অসমত আইএলপিক লৈ প্ৰস্তাৱ আগবঢ়োৱা নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে অসমত যদি আইএলপি হয় তেন্তে অসমত নিৱনুৱাৰ সংখ্যা তিনিগুণে বৃদ্ধি হ’ব বুলিও তেওঁ মন্তব্য কৰে ।

You might also like