নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ইটানগৰলৈ গৃহমন্ত্রী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অৰুণাচল ভ্রমণ কৰি ৰাজ্যখনৰ ৩৪সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্রহণ কৰিব ৷ ইটানগৰৰ ইন্দিৰা গান্ধী পার্কত আয়োজিত ৰাজ্যখনৰ প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব৷ অৰুণাচল প্রদেশ আৰক্ষীৰ নতুন মুখ্য কার্যালয়ৰ আধাৰশিলা স্থাপন, অৰুণাচল প্রদেশ ঔদ্যোগিক আৰু বিনিয়োগ আঁচনি, ২০২০ মুকলি আৰু সীমান্ত পথ সংস্থাই নির্মাণ কৰা জোৰাম ক’লৰিং পথ, নাহৰলগুণৰ লেখি ভিলেজত নৱনির্মিত আন্তঃৰাজ্যিক বাছ আস্থান উদ্বোধন কৰাৰ লগতে কেন্দ্রীয় গৃহমন্ত্রীজনে আন তিনিটা আঁচনি উদ্বোধন কৰিব৷ ড’নাৰ মন্ত্রী ড০ জিতেন্দ্র সিঙে সন্মানীয় অতিথি হিচাপে, কেন্দ্রীয় ক্রীডা মন্ত্রী কিৰেণ ৰিজিজু, অৰুণাচলৰ ৰাজ্যপাল ব্রিগেডিয়াৰ (ড০) বি ডি মিশ্র আৰু মুখ্যমন্ত্রী পেমা খাণ্ডুৱে উক্ত অনুষ্ঠানত অংশগ্রহণ কৰিব৷ উল্লেখ্য যে ১৯৮৭ চনৰ ২০ ফেব্রুৱাৰীত অৰুণাচল প্রদেশে পূর্ণাংগ ৰাজ্যৰ মর্যাদা লাভ কৰিছিল৷
আজি খন্তেকৰ বাবে লখিমপুৰত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহ
আজি পুৱা লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত খন্তেকৰ বাবে ভৰি থ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ দিল্লীৰ পৰা বিশেষ বিমানেৰে আহি লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত খন্তেক ৰৈ কেন্দ্রীয় গৃহমন্ত্রীজনে হেলিকপ্ঢাৰযোগে পুনৰ অৰুণাচললৈ বুলি উৰা মাৰিব৷

You might also like