উত্তৰ–পূবত প্রথমজন অমিক্রন আক্রান্ত চিনাক্তঃ মণিপুৰত টাঞ্জানিয়াৰ পৰা অহা ব্যক্তিৰ দেহত ক’ভিড–১৯ৰ নতুন প্রকৰণ
- কঠোৰ গৃহ মন্ত্রালয়, জনসমাগম নিয়ন্ত্রণ কৰিবলৈ ৰাজ্য–কেন্দ্রীয় শাসিত অঞ্চললৈ নির্দেশ
- দিল্লী–উত্তৰ প্রদেশ মহাৰাষ্ট্র–হাৰিয়ানা নৈশ সান্ধ্য আইন
নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ: বিশ্বক ত্রাসিত কৰি ৰখা ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রন উত্তৰ–পূব পালেহি৷ উত্তৰ–পূবৰ ৰাজ্য মণিপুৰত আজি প্রথমজন অমিক্রনত আক্রান্ত ৰোগী চিনাক্ত হৈছে৷ ডেল্টা প্রকৰণতকৈ ৭০ শতাংশ দ্রুততম সংক্রমিত অমিক্রনত আক্রান্ত মণিপুৰৰ ৰোগীজন ৪৮ বছৰীয়া৷ পূব ইম্ফলৰ বাসিন্দাজনে অলপতে পূব আফ্রিকাৰ দেশ টাঞ্জানিয়া ভ্রমণ কৰি অহাৰ পাছতে ক’ভিড–১৯ত আক্রান্ত হয়৷ ক’ভিডত আক্রান্ত হোৱাৰ পাছত ৪৮ বছৰীয়া ৰোগীজনৰ জেনম চিকুৱেঞ্চিং নমুনা পৰীক্ষা কৰাত ৰোগীজন অমিক্রনত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ যোৱা ২১ ডিচেম্বৰত টাঞ্জানিয়াৰ পৰা উভতি অহা লোকজন অমিক্রনত আক্রান্ত হোৱাৰ পাছতে তেওঁৰ পৰিয়ালক আইছ’লেচনত ৰখা হৈছে৷ মণিপুৰৰ বিমানবন্দৰত আন্তর্জাতিক ভ্রমণ যাত্রীক সূক্ষ্ম নিৰীক্ষণ কৰাৰ লগতে ক’ভিড–১৯ পৰীক্ষণ কৰা ব্যৱস্থাটোত এই ৰোগীজন ধৰা পৰিছে৷ ইতিমধ্যে দেশৰ ১৭খন ৰাজ্যত অমিক্রনত আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ পাছত আজি মণিপুৰ আৰু গোৱাত এজনকৈ লোক অমিক্রনত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ ইয়াকে লৈ দেশৰ ১৯খন ৰাজ্যলৈ বিয়পিল বিশ্ব স্বাস্থ্য সংস্থাই ঘোষিত ক’ৰোনাৰ উদ্বিগ্ণ প্রকৰণ অমিক্রনৰ সংক্রমণ৷ মণিপুৰ আৰু গোৱাত প্রথমজন অমিক্রনত আক্রান্ত ৰোগী আজি চিনাক্ত হোৱাৰ লগে লগে দেশত আক্রান্তৰ সংখ্যা ৫৮৮জনলৈ বৃদ্ধি পাইছে৷ ইপিনে দেশত ভয়াৱহ অমিক্রনত আক্রান্ত ৰোগীৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈ থকাৰ পতি লক্ষ্য ৰাখি কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ কঠোৰ নির্দেশনা প্রেৰণ কৰিছে৷ ইতিপূর্বে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ ক’ভিড প্রট’কল কঠোৰভাৱে মানি চলাৰ বাবে নির্দেশ জাৰি কৰাৰ পাছত আজি কেন্দ্রীয় গৃহ মন্ত্রালয়েও কঠোৰ নির্দেশনা জাৰি কৰিছে৷ কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ জাৰি কৰা নির্দেশনা অনুসৰি ক’ভিডৰ সংক্রমণ বৃদ্ধি সম্পর্কত বিবেচনা কৰি স্থানীয়ভাৱে নিষেধাজ্ঞা জাৰি কৰিব পাৰিব৷ তদুপৰি কেন্দ্রীয় গৃহ সচিবগৰাকীয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত জনসমাগম নিয়ন্ত্রণ কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছে৷ গৃহ মন্ত্রালয়ে পাঁচদফীয়া ৰণনীতি সঠিকভাৱে পালন কৰাত প্রাধান্য দিছে৷ এই পাঁচদফীয়া ৰণনীতি হৈছে পৰীক্ষণ–চিনাক্তকৰ্ আৰু ক’ভিডৰ সঠিক আচৰণ৷ দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত হোৱা ক’ভিডৰ নতুন প্রকৰণ অমিক্রন বিশ্বৰ ১১৬খন দেশলৈ বিয়পি পৰিছে৷ ইয়াৰ ভিতৰত ভাৰততো দ্রুতগতিত অমিক্রনৰ সংক্রমণ বর্ধিত হৈ আছে৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰৰ নির্দেশনাৰ আধাৰত মহাৰাষ্ট্র, উত্তৰ প্রদেশ, মধ্য প্রদেশ, হাৰিয়ানা, গুজৰাটৰ কেইবাখনো জিলা আৰু দেশৰ ৰাজধানী নতুন দিল্লীত নৈশ সান্ধ্য আইন বলৱৎ কৰিছে৷ অমিক্রনত আক্রান্ত বর্ধিত হোৱা বাবে কেৰালাতো ৩০ ডিচেম্বৰৰ পৰা নৈশ সান্ধ্য আইন ঘোষণা কৰিছে৷ ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনসহ আন প্রকৰণত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সংক্রমণ নিয়ন্ত্রণৰ বাবে মধ্যপ্রদেশেই প্রথমতে নৈশ সান্ধ্য আইন বলৱৎ কৰে৷ ৰাজ্যখনত নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈকে নৈশ সান্ধ্য আইন বলৱৎ হৈ থাকিব৷ বাকী ৰাজ্যসমূহতো নৈশ সান্ধ্য আইন ইতিমধ্যে বলৱৎ কৰা হৈছে৷ দেশৰ ভিতৰত সর্বাধিক মহাৰাষ্ট্রত শতাধিক লোক অমিক্রনত আক্রান্ত হোৱাৰ বিপৰীতে দ্বিতীয় সর্বাধিক আক্রান্ত হৈছে ৰাজধানী দিল্লীত৷ কর্ণাটক, তামিলনাডু, কেৰালা, পশ্চিমবংগ, উত্তৰ প্রদেশ, ওড়িশা, মধ্যপ্রদেশ, জম্মু–কাশ্মীৰ, লাডাখকে ধৰি ১৯ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত অমিক্রনত আক্রান্ত লোকৰ সংখ্যা বর্ধিত হৈ আছে৷
ক’ভিড বুষ্টাৰ–শিশুক টিকাকৰণৰ এছ’পি জাৰি কেন্দ্রৰ
৩ জানুৱাৰীৰ পৰা আৰম্ভ কৰিবলগীয়া ১৫ৰ পৰা ১৮ বছৰ বয়সলৈকে টিকাকৰণ আৰু ক’ভিড বুষ্টাৰ প্রদানৰ ক্ষেত্রত আজি কেন্দ্রীয় চৰকাৰে এছ অ’ পি জাৰি কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ২৫ ডিচেম্বৰত শিশুক টিকাকৰণ আৰু স্বাস্থ্যকর্মী–ক’ভিড যোদ্ধা, ৬০ বছৰ ঊর্ধ্বৰ বহু ৰোগত আক্রান্ত লোকক ক’ভিড বুষ্টাৰ প্রদান কৰা হ’ব বুলি ঘোষণা কৰাৰ এদিন পাছত আজি এই টিকাকৰণ আৰু বুষ্টাৰক লৈ এছ অ’ পি জাৰি কৰিছে কেন্দ্রীয় চৰকাৰে৷ এছ অ’ পি অনুসৰি ১৫–১৮ বছৰ বয়সলৈকে কেৱল ক’ভিড ভেকচিন ক’ভাক্সিন প্রদান কৰা হ’ব৷ ক’ভাক্সিন হৈছে দেশৰ প্রথমটো থলুৱাভাৱে বিকশিত ক’ভিড ভেকচিন৷ ইপিনে, ১০ জানুৱাৰীৰ পৰা ক’ভিড যোদ্ধা–স্বাস্থ্যকর্মী আৰু ৬০ বছৰ ঊর্ধ্বৰ বহু ৰোগত আক্রান্ত লোকক ক’ভিড বুষ্টাৰ প্রদান কৰাৰ ক্ষেত্রতো নিয়ম নির্ধাৰণ কৰিছে৷ সম্পূর্ণ টিকাকৰণ হোৱা স্বাস্থ্যকর্মী আৰু ক’ভিড যোদ্ধাৰ লগতে ৬০ বছৰ ঊর্ধ্বৰ লোকসকলে কো–উইন এপত ক’ভিড বুষ্টাৰৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ বহু ৰোগত আক্রান্ত ৬০ বছৰ ঊর্ধ্বৰ লোকসকলক চিকিৎসকৰ পৰামর্শ অনুসৰি বুষ্টাৰ প্রদান কৰা হ’ব৷ ক’ভিড বুষ্টাৰৰ ক্ষেত্রত হিতাধিকাৰীসকলে অনলাইন অথবা ক’ভিড ভেকচিন চেণ্টাৰত নিজৰ নাম কো–উইনত পঞ্জীয়ন কৰিব পাৰিব৷ আনপিনে, ১৫–১৮ বছৰৰ শিশুসকলেও কো–উইন প’র্টেলত ভেকচিনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ উল্লেখ্য যে ভেকচিনৰ দ্বিতীয়টো ড’জ লোৱাৰ ৯ মাহ সম্পূর্ণ হ’লেহে ক’ভিড বুষ্টাৰ প্রদান কৰা হ’ব৷